আজব ঘটনাঃ ৪খন হাত, ৪খন ভৰিৰে জন্ম হ’ল দেৱশিশু! এয়া ঈশ্বৰৰ অৱতাৰ, বহুলোকৰ দাবী

 01/21/2022 - 14:10
 
 
 
নিউজ ডেস্কঃ আজব খবৰ। বিহাৰৰ কাটিহাৰ জিলাত জন্ম হ’ল এনে এটি দেৱশিশুৰ, যাৰ আছে ৪খন হাত আৰু ৪ খন ভৰি। শিশুটিক ওচৰৰ পৰা চাবলৈ সকলো লোক ঢপলিয়াই আহিছে। বহু লোকৰ দাবী এয়া মানৱ শিশু নহয়, এয়া ভগৱানৰ অৱতাৰ। শিশুটিৰ পিতৃয়ে জনোৱা অনুসৰি শিশুটিৰ জন্মৰ পূৰ্বে কৰা কোনো পৰীক্ষাতেই কোনোধৰণৰ আঁসোৱাহ নাছিল। আল্ট্ৰাছাউণ্ড, ছন’গ্ৰাফী সকলো চাই চিকিৎসকে সকলো ঠিকে থকা বুলিয়ে কৈছিল। চিকিৎসকসকলে কোনো ধৰণৰ বিভ্ৰান্তিৰ খবৰ দিয়া নাছিল। জিলা হাস্পতালত ২০ জানুৱাৰী, বৃহস্পতিবাৰে এই অসাধাৰণ শিশুটিৰ জন্ম হয়। চিকিৎসকে জনোৱা অনুসৰি এয়া চিকিৎসা ক্ষেত্ৰৰ বাবে কিছু আজৱ ঘটনা যদিও ইয়াৰ পূৰ্বেও এনে ঘটনা নোহোৱা নহয়।বৰ্তমান সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে শিশুটিৰ ফটো।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।