আজি সুশান্ত সিং ৰাজপুতৰ জন্মদিন

 01/21/2022 - 15:21
 
 
নিউজ ডেস্কঃ সুশান্ত সিং ৰাজপুতৰ জন্মদিন। এগৰাকী ভাৰতীয় চলচ্চিত্ৰ আৰু টেলিভিছন অভিনেতা, নৃত্যশিল্পী, টেলিভিছন ব্যক্তিত্ব, উদ্যমী, আৰু এগৰাকী জন হিতৈষী। তেওঁ দূৰদৰ্শনৰ ধাৰাবাহিকত অভিনয়ৰ জৰিয়তে কৰ্মজীৱনৰ পাতনি মেলিছিল। তেওঁ পোন প্ৰথমে ষ্টাৰ প্লাছৰ ৰোমাণ্টিক ধাৰাবাহিক 'কিচ দেশ মে হে মেৰা দিল'ত (২০০৮) অভিনয়ৰ সুযোগ লাভ কৰিছিল। তাৰপিছত তেওঁক জি টিভিৰ জনপ্ৰিয় ধাৰাবাহিক 'পৱিত্ৰ ৰিস্তা'ৰ মুখ্য চৰিত্ৰ 'মানৱ'ৰ ৰূপত দেখা গৈছিল। ২০১৩ চনত 'কাই প' চে'ৰ জৰিয়তে তেওঁ হিন্দী চলচ্চিত্ৰ জগতত প্ৰৱেশ কৰে।
 
এই ছবিত কৰা অভিনয়ৰ বাবে তেওঁ ফিল্মফেয়াৰ বঁটাৰ শ্ৰেষ্ঠ নৱাগত শিল্পীৰ শিতানত মনোনীত হৈছিল। তাৰপিছত তেওঁ 'শুদ্ধ দেশী ৰোমাঞ্চ' (২০১৩) আৰু 'ডিটেক্টটিভ ব্যোমকেশ বক্সি' (২০১৫) ছবিত অভিনয় কৰে। ২০১৪ চনত মুক্তি লাভ কৰা জনপ্ৰিয় ছবি 'পিকে'ত সহযোগী চৰিত্ৰত অভিনয় কৰিছিল। তাৰপিছত তেওঁ ক্ৰিকেট খেলুৱৈ মহেন্দ্ৰ সিং ধোনিৰ জীৱনৰ ওপৰত আধাৰিত ছবি 'এম এছ ধোনি:দা আনটল্ড ষ্টৰী'ত (২০১৬) মুখ্য চৰিত্ৰত অভিনয় কৰিছিল। এই ছবিখনত কৰা অভিনয়ৰ বাবে তেওঁ ফিল্মফেয়াৰ বঁটাৰ শ্ৰেষ্ঠ অভিনেতাৰ শিতানত মনোনীত হৈছিল। তাৰপিছত তেওঁ বাণিজ্যিকভাৱে সফল ছবি 'কেডাৰনাথ' (২০১৮) আৰু 'চিছ'ৰে'ত (২০১৯) অভিনয় কৰে।
 
২০২০ চনৰ ১৪ জুন তাৰিখে মুম্বাইৰ বেন্দ্ৰাত অৱস্থিত তেওঁৰ নিজা এপাৰ্টমেণ্টত চিপজৰী লৈ থকা অৱস্থাত তেওঁৰ মৃতদেহ উদ্ধাৰ কৰা হয়। প্ৰাৰম্ভিক অনুসন্ধানত আৰক্ষীয়ে তেওঁ আত্মহত্যা কৰিছে বুলি জনায়।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।