বিশ্বকাপৰ বা-বতৰা

 06/06/2019 - 14:40

ডিজিটেল ডেস্কঃ শতক ৰান কৰি অপৰাজিত হৈ থকা ৰোহিত শৰ্মাৰ বেটিং ধুমুহাৰে বিশ্বকাপত ভাৰতৰ বিজয় যাত্ৰা আৰম্ভ। নিজৰ প্ৰথম খেলত দক্ষিণ আফ্ৰিকাক ৬ উইকেটত পৰাস্ত কৰি সহজেই জয়ী হ’ল টীম ইণ্ডিয়া। প্ৰথমে টছত জিকি বেটিং কৰিছিল দক্ষিণ আফ্ৰিকাই। ভাৰতৰ সন্মুখত জয়ৰ বাবে লক্ষ্য বান্ধি দিছিল ২২৮ ৰানৰ। ৯ উইকেটত ২২৭ ৰান সংগ্ৰহ কৰিছিল দক্ষিণ আফ্ৰিকাই।

ৰোহিত শৰ্মাই সংগ্ৰহ কৰে ১২২ ৰান। ৩৪ ৰান কৰি আউট হয় এম এছ ধোনী। কে এল ৰাহুলে কৰে ২৬ ৰান। হাৰ্ডিক পাণ্ডেয়াই ৭টা বলত সংগ্ৰহ কৰে ১৫ ৰান। শতক ৰান কৰি অপৰাজিত হৈ থাকে ৰোহিত শৰ্মা। ৪৭.৩ অভাৰত জয়ৰ লক্ষ্যত উপনীত হয় টীম ইণ্ডিয়া। ৪ উইকেটৰ বিনিময়ত ভাৰতে সংগ্ৰহ কৰে ২৩০ ৰান। ৰোহিত শৰ্মাই ১২২ ৰানৰ অৱদানৰ বাবে "মেন অৱ দ্য মেছ" সন্মান লাভ কৰে।

আনহাতে কালি বিশ্বকাপৰ দ্বিতীয় খেলত নিউজিলেণ্ডৰ হাতত পৰাস্ত হয় বাংলাদেশ। বাংলাদেশে প্রথমে বেট ধৰি ৪৯.২ অ’ভাৰত ১০ টা উইকেট হেৰুৱাই ২৪৪ ৰান কৰে। নিউজিলেণ্ডে ৪৭.১ অ’ভাৰত ৮ টা উইকেট হেৰুৱাই ২৪৮ ৰান কৰে। ৯১ বলত ৮২ ৰান কৰি 'মেন অৱ দ্য মেছ’ হয় নিউজিলেণ্ডৰ ৰ’জ টেইলৰ।

বিশ্বকাপৰ দশমখন খেল আজি নটিংহামৰ ট্ৰেণ্ট ব্ৰীজত বিয়লি ৩ বজাৰ পৰা অষ্ট্ৰেলিয়া আৰু ৱেষ্ট ইণ্ডিজৰ মাজত অনুষ্ঠিত হ’ব।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।