মাতৃ হ’ল প্ৰিয়ংকা চোপ্ৰা

 01/22/2022 - 12:51
 
 
নিউজ ডেস্কঃ প্ৰিয়ংকা চোপ্ৰা মাতৃ হ’ল। ছচিয়েল মিডিয়া জৰিয়তে অনুৰাগীক জনালে অভিনেত্ৰীগৰাকীয়ে।জানিব পৰা অনুসৰি প্ৰিয়ংকাই নিজে জন্ম দিয়া নাই এই সন্তানটিক। surrogacy প্ৰক্ৰিয়াৰ যোগেদি এই সন্তানৰ মাতৃ হৈছে প্ৰিয়ংকা। মাতৃ হোৱাৰ পাছতে প্ৰিয়ংকাই নিজৰ অনুভৱ ব্যক্ত কৰিছে ছচিয়েল মিডিয়াত।
 
তেওঁ লিখিছে- এয়া সচাঁকৈ এক বিৰল অনুভৱ। মোৰ দায়িত্ব বাঢ়িল। কোভিডৰ এই মহামাৰীৰ সময়ত আমি যাতে সুৰক্ষিত থাকো, তাৰ বাবে সকলোৱে আৰ্শীবাদ কৰক।উল্লেখ কৰা প্ৰয়োজন যে, ২০১৮চনত নিক জোনাছৰ সৈতে বিবাহ পাশত আৱদ্ধ হৈছিল প্ৰিয়ংকা।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।