ধুবুৰীৰ ঐতিহাসিক ভোলানাথ মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ তীব্ৰ প্ৰতিবাদ

 01/22/2022 - 16:15
 
 
ধুবুৰীঃ আজি ধুবুৰী চহৰত অৱস্থিত ঐতিহাসিক ভোলানাথ মহাবিদ্যালয়ৰ গেটৰ সন্মুখত অৰ্ধ শতাধিক ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদ। গুৱাহাটী বিশ্ব বিদ্যালয়ৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিলে এইদৰে৷ গুৱাহাটী বিশ্ব বিদ্যালয়ৰ পৰীক্ষাৰ ফলাফলক লৈ অসন্তুষ্ট মহাবিদ্যালয় খনৰ ছাত্ৰ-ছাত্ৰীসকল৷ কিয়নো যোৱা দুটা বছৰে ক’ৰনা মহামাৰীৰ বাবে ৰাজ্যৰ শিক্ষানুষ্ঠান সমূহ প্ৰায় বন্ধ হৈ আছিল৷ গুৱাহাটী বিশ্ব বিদ্যালয়ে ছাত্ৰ-ছাত্ৰীসকলক দি আহিছিল প্ৰতিশ্ৰুতি। প্ৰতিশ্ৰুতি মতে, অনুষ্ঠিত কৰা হৈছিল অনলাইন যোগে পৰীক্ষা৷
 
কিন্ত পৰীক্ষাৰ অন্তত ৰাজ্যৰ ছাত্ৰ-ছাত্ৰীসকলৰ জীৱনক লৈ হেতালিহে খেলিলে গুৱাহাটী বিশ্ব বিদ্যালয়ে যাৰ বাবে আজি ধুবুৰী জিলাৰ ঐতিহাসিক ভোলানাথ মহাবিদ্যালয়ৰ অৰ্ধ শতাধিক ছাত্ৰ-ছাত্ৰীসকলে ক্ষোভ উজাৰি গুৱাহাটী বিশ্ব বিদ্যালয়ৰ অনিয়মীয়াৰ বিৰুদ্ধে সাব্যস্ত কৰিলে তীব্ৰ প্ৰতিবাদ। ইয়াৰ উপৰিও গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰিক্ষাৰ নিৰ্দেশাৱলী মতে, ছাত্ৰ-ছাত্ৰীক যিখিনি ফলাফলৰ নম্বৰ দিব লাগিছিল সেইমতে নিদি গুৱাহাটী বিশ্ব বিদ্যালয়ে নিজ ইচ্ছা মতে ফলাফলৰ নম্বৰ দি ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যতক ঘোৰ অন্ধকাৰত ঠেলি দিয়াৰ এক গুৰুতৰ অভিযোগ উখাপন কৰিলে প্ৰতিবাদী ছাত্ৰ-ছাত্ৰীসকলে।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।