বৰপথাৰৰ পথাৰত আৰু ৰাষ্ট্ৰীয় ঘাইপথত অজস্ৰ গাহৰি

 01/22/2022 - 17:30
 
বোকাজানঃ পুৱাই বৰপথাৰ আৰক্ষী থানাৰ অন্তৰ্গত ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত আৰু পথাৰত দেখিবলৈ পোৱা গ’ল অজস্ৰ গাহৰিৰ জাক৷ জানিব পৰামতে হাৰিয়ানাৰ পৰা ডিমাপুৰ অভিমুখী এখন বাইছচকীয়া মালবাহী ট্ৰাকে গাহৰি কঢ়িয়াই আনি থকাৰ অৱস্থাত পুৱা ছয় বজাত নিয়ন্ত্ৰণ হেৰুৱাই পথাৰত বাগৰি পৰে৷ দুৰ্ঘটনাগ্ৰস্ত বাহনখনৰ নম্বৰ হৈছে HR 63 C 0001 দুৰ্ঘটনাটোত গাড়ীখনৰ চালক হেণ্ডিমেন জখম হোৱাত বোকাজান সমূহীয়া চিকিৎসালয়লৈ চিকিৎসাৰ বাবে প্ৰেৰণ কৰিছে৷ ইতিমধ্যে দুৰ্ঘটনাটোত দহটাৰো অধিক গাহৰি মৃত্যু হৈছে বুলি জানিব পৰা গৈছে৷
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।