লাহৰিঘাটৰ কঠনি গাঁও পঞ্চায়তৰ সমূহীয়া ভৱনত সজাগতা সভা

 01/22/2022 - 17:36
 
 
লাহৰীঘাটঃ বাল্যবিবাহ, জনসংখ্যা বিস্ফোৰণ, বহু বিবাহ আদি ৰোধ কৰাৰ উদ্দেশ্যৰে বৃহত্তৰ অঞ্চলৰ মহিলাসকলক লৈ শনিবাৰে লাহৰিঘাটৰ কঠনি গাঁও পঞ্চায়তৰ সমূহীয়া ভৱনত AHSUS Foundation ৰ উদ্যোগত অনুষ্ঠিত হয় সজাগতা সভা। উক্ত অনুষ্ঠানত বৰ্তমান সময়ত চলি থকা বাল্যবিবাহ, মহিলাসকলক আত্মনিৰ্ভৰশীল হোৱা, জনসংখ্যা বিস্ফোৰণ, বহু বিবাহ আদি প্ৰতিৰোধৰ উদ্দেশ্যে সভাখন অনুষ্ঠিত হয়।
 
লগতে ছোৱালীৰ বিবাহৰ বয়স ১৮ বছৰৰ পৰিৱৰ্তে ২১ বছৰ হোৱাত মত পোষণ কৰে। উক্ত সভাত AHSUS (NGO) ৰ কৰ্মকৰ্তা, মৰিগাঁও উকীল সংস্থাৰ কেইবাগৰাকী সদস্য, ANWS নামৰ NGO ৰ সম্পাদিকাৰ লগতে বহু গণমান্য ব্যক্তিসকল উপস্থিত থাকে।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।