গুৱাহাটীঃ অম্বুবাচীৰ প্ৰবৃত্তিৰ লগে লগে তীৰ্থনগৰী উত্তৰ গুৱাহাটীৰ পৱিত্ৰ তীৰ্থস্থান দৌলগোবিন্দ মন্দিৰ, দীৰ্ঘেশ্বৰী দেৱালয়, মনিকৰ্ণেশ্বৰ দেৱালয়ত পূজা সেৱাৰ লগতে বন্ধ থাকিব সকলো মাংগলিক অনুষ্ঠান। মহাপ্ৰভু শ্ৰী শ্ৰী দৌলগোবিন্দ মন্দিৰ পৰিচালনা সমিতিৰ তৰফৰ পৰা গনেশ দাস জানিবলৈ দিয়া মতে ২২ জুন, ৬ আহাৰ শনিবাৰে নিশা ১ বাজি ৩২ মিনিট ২৬ ছেকেণ্ডৰ পৰা অম্বুবাচীৰ প্ৰবৃত্তি হ’ব। ২৬ জুন ১০ আহাৰ বুধবাৰে দিনৰ ১বাজি ৫৭ মিনিট ২ ছেকেণ্ডৰ পৰা অম্বুবাচী নিবৃত্তি হ’ব।
সেই উপলক্ষে শ্ৰী শ্ৰী দৌলগোবিন্দ দেৱালয়লৈ অহা ভক্তসকলৰ জ্ঞাতাৰ্থে জনোৱা হ'ল অহা ২৩ জুন, ৭ আহাৰৰ পৰা অহা ২৬ জুন, ১০ আহাৰ দিনৰ ১ বাজি ৫৭ মিনিট ২ ছেকেণ্ডলৈ শ্ৰী শ্ৰী দৌলগোবিন্দ মন্দিৰৰ দুৱাৰ বন্ধ থাকিব। ২৬ জুনৰ দিনৰ ২ বাজি ৩০ মিনিটত মন্দিৰ দুৱাৰ ভক্তসকলৰ বাবে পুনৰ মুকলি কৰি দিয়া হব বুলি মন্দিৰ কতৃপক্ষই জানিবলৈ দিছে।
উত্তৰ গুৱাহাটীৰ ঐতিহাসিক পুৰাণ প্ৰসিদ্ধ দীৰ্ঘেশ্বৰী দেৱালয়ৰ উপসভাপতি দিলীপ বড়াই জানিবলৈ দিয়ামতে প্ৰবৃত্তিৰ পৰা নিবৃত্তিৰ সময়ছোৱাত দেৱালয়ৰ দ্বাৰ বন্ধ থাকিব। ঠিক সেইদৰে মনিকৰ্ণেশ্বৰ দেৱালয়, ৰূদ্ৰেশ্বৰ দেৱালয়ৰ লগতে আন আন মন্দিৰ সমূহৰো দ্বাৰ অম্বুবাচীৰ নিবৃত্তি অন্তৰ লগে লগে ভক্তৰ বাবে মুকলি কৰা হ’ব।