কেনে আছে লতা মংগেশকাৰ?

 01/22/2022 - 19:45
 
 
নিউজ ডেস্কঃ বছৰটোৰ আৰম্ভণিতে লতা মংগেশকাক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। ভাৰতৰ নাইটিংগেল লতা মংগেশকাৰ কোভিডৰ সৈতে নিউমোনিয়াত আক্ৰান্ত হৈছিল। ফলস্বৰূপে, তেওঁক আইচিইউত ৰাখি চিকিৎসা লোৱাৰ সিদ্ধান্ত লোৱা হৈছিল। প্ৰতিদিনে তেওঁৰ অসংখ্য অনুৰাগীয়ে স্বাস্থ্যৰ বৰ্তমান অৱস্থাক চিন্তিত হৈ আছে। লতা মংগেশকাৰৰ মুখপাত্ৰই তেওঁৰ শেহতীয়া স্বাস্থ্যজনিত পৰিস্থিতিৰ বিষয়ে মুকলি কৰিছে।
 
লতা মংগেশকাৰ এতিয়া স্বাস্থ্য সামান্য উন্নত যদিও তেওঁ এতিয়াও বিপদমুক্ত হোৱা নাই। একে সময়তে, মুখপাত্ৰগৰাকীয়ে সকলো লোককে কোনো মিছা বাতৰি নিবিয়পাবলৈ অনুৰোধ জনাইছে আৰু এই কঠিন সময়ত মংগেশকাৰ পৰিয়ালৰ গোপনীয়তা ভংগ নকৰিবলৈ অনুৰোধ জনাইছে। লতা মংগেশকাৰে বৰ্তমান মুম্বাই ব্ৰিটিছ কেণ্ডি চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। চিকিৎসক ডা০ সম্দানীৰ তত্বাৱধানত তেওঁৰ চিকিৎসা চলি আছে। আজি কিছু দিনৰ আগতে লতা মংগেশকাৰৰ স্বাস্থ্যৰ অৱস্থা দ্ৰুত অৱনতি হোৱাৰ উৰাবাতৰি ওলাইছিল যদিও আটাইবোৰ খবৰ সঁচা নাছিল। 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।