ৰঙাজান ঢুলীয়া গাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা

 01/22/2022 - 20:07
 
 
গোলাঘাটঃ গোলাঘাটৰ ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ৰঙাজান ঢুলীয়া গাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা। নিশা দ্ৰুতবেগী ডাম্পাৰে বাইকসহ মহটিয়ালে পথচাৰীক। ঘটনাস্থলীতে বাইক আৰোহী চাজিদ হুছেইন নামৰ এজন নিহত হোৱাৰ লগতে ছয়জন পথচাৰী গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়।
 
 
জানিব পৰা মতে AS-05C-5304 নম্বৰৰ ডাম্পাৰখনে নুমলীগঢ়ৰ ফালৰ পৰা ৰঙাজান অভিমুখে তীব্ৰ বেগত গৈ থকা অৱস্থাত বিপৰীত দিশৰ ফালৰ পৰা আহি থকা বাইক আৰু পথচাৰীক তীব্ৰ বেগত খুন্দা মাৰে ডাম্পাৰে।
 
বৰ্তমান আঘাতপ্ৰাপ্ত আটাইকেইজনক গোলাঘাট শ্বহীদ কুশল কোৱৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। ইফালে দুৰ্ঘটনা সংঘটিত কৰিয়েই ডাম্পাৰৰ চালক হেন্ডিমেন পলায়ন কৰিছে ঘটনাস্থলীৰ পৰা। বৰ্তমান নিহত যুৱকজনক আৰক্ষীয়ে মৰণোত্তৰ পৰীক্ষাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰি তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।