01/23/2022 - 13:48
in
লক্ষীপুৰঃ কালি আবেলি বগুৱান থানাৰ এটা আৰক্ষীৰ দলে আমবাৰী তিনি আলী বজাৰৰ নিৰহ জনতাৰ ওপৰত লাঠি চাৰ্জ কৰাক লৈ পথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে ৰাইজে। গোৱালপাৰা জিলাৰ বগুৱান থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। অসম আৰক্ষী গুণ্ডাগিৰি বন্ধ কৰক নিৰহ জনতাক লাঠি চাৰ্জ কৰা বন্ধ কৰক অসম আৰক্ষী গ’ বেক আদি শ্ল’গান দি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে স্থানীয় ৰাইজে।