01/23/2022 - 14:43
in
নিউজ ডেস্কঃ ‘মোৰ ল’ৰা টিউচনৰ পৰা আহি মোৰ বাবে ঔষধ আনিবলৈ গৈছিল আৰু নৰখাদক কেইটাই গুলীয়ালে’- কান্দি কান্দি এগৰাকী মাতৃৰ ভাষ্য এয়া। শনিবাৰে সন্ধিয়া চহৰখনৰ মিলনপুৰত টিউচন কৰি অহাৰ পাছত কীৰ্তিকমল বৰাই ঘৰৰ পৰা অসুস্থ মাতৃৰ বাবে ঔষধ কিনিবলৈ মঠৰ চাইকেলেৰে ঘৰৰ পৰা ওলাই গৈছিল।
আৰু তেনেসময়তেই আৰক্ষীয়ে এজন যুৱকক মাৰপিট কৰি থকা পত্যক্ষ কৰে কীৰ্তিকমলে। যাৰফলত মটৰ চাইকেল ৰখাই আৰক্ষীক কাৰণ সোধাত ক্ষুণ্ণ হৈ পৰে আৰক্ষীকেইজন। তাৰপাছতেই অশ্লীল গালি-গালাজ পাৰি মটৰ চাইকেলৰ পৰা নমাই আনে ছাত্ৰ নেতা জনক, আৰু তাৰপাছতেই সোঁ ভৰিলৈ লক্ষ্য কৰি গুলী চলায়।
ফলত ঠাইতে বাগৰি পৰে কীৰ্তিকমল। ৰাজ্যত এতিয়া চলিছে একাউণ্টৰৰ অঘোষিত প্ৰতিযোগিতা। জিম্মাৰ পৰা পলাব বিচৰা গ্ৰেপ্তাৰ কৰা অভিযুক্তক নিশা আৰক্ষীয়ে গুলীওৱাটো এক পৰম্পৰাত পৰিণত হৈছে। এইবাৰ আৰক্ষীৰ একাউণ্টৰৰ বলি কোন হ’ব কোনেও নাজানে। কিন্তু নগাঁৱত সংঘটিত হোৱা দুৰ্ভাগ্যজনক ঘটনাটোৱে সকলোকে অসম আৰক্ষীৰ ওপৰত আঙুলি টোৱাইছে। ইতিমধ্যে আৰক্ষীৰ এনে ভূৱা একাউণ্টৰৰ বিৰুদ্ধে গুৱাহাটী উচ্চ ন্যায়ালয়ত দাখিল কৰা হৈছে ৰাজহুৱা স্বাৰ্থজনিত আবেদন।