পথ নিৰ্মাণ দুৰ্নীতিত জড়িত বিধায়ক সিংঘল

 03/13/2019 - 18:21

তেজপুৰ: দুৰ্নীতি-ভ্ৰষ্টাচাৰৰ বিৰুদ্ধে শূণ্য সহশীলতাৰ কথা কোৱা সৰ্বানন্দ সোণোৱাল মিত্ৰজোঁট চৰকাৰখনৰ এগৰাকী বিধায়কৰ পৃষ্ঠপোষকতাত চলিছে পথ নিৰ্মাণত ব্যাগোম দূনীতি ৷ খবৰ অনুসৰি শোণিতপুৰ জিলাৰ বৰচলা আৰু ঢেকিয়াজুলি বিধান সভা সমষ্টিত ভাৰত ত্যাগ আন্দোলনত দেশৰ হকে প্ৰাণ আহুতি দিয়া বীৰ শ্বহীদসকলৰ নামত ৰাজ্য চৰকাৰৰ পৰা আবণ্টিত ৩৩ কোটি টকাৰ ১৩ গৰাকী বীৰ শ্বহীদৰ নামত একাধিক পথ নিৰ্মাণত বিধায়ক সিংঘলৰ ঘনিষ্ঠ দিপক বুৰ্চ্ছা নামৰ ধুৰন্ধৰ ঠিকাদাৰগৰাকীয়ে লাভ কৰাৰ গুৰুতৰ অভিযোগ উঠিছে৷

কেৱল বহুবল্কী বিধায়ক সিংঘলৰ ঘনিষ্ঠ হোৱাৰ সুবাদতে বিভাগীয় কৰ্তৃপক্ষক মেনেজ কৰি অতি নিম্ন মানৰ সামগ্ৰী ব্যৱহাৰ কৰি পথ নিৰ্মাণত নিয়োজিত আছে৷ মন কৰিবলগা বিষয়টো হ’ল যে, সোণোৱাল চৰকাৰে বীৰ শ্বহীদসকলৰ বীৰত্ব আৰু ত্যাগৰ ফলস্বৰূপে তেঁওলোকৰ স্মৃতি বিজড়িত কৰি ৰখাৰ স্বাৰ্থত বীৰ শ্বহীদ নামেৰে নামাংকন কৰি এক দীৰ্ঘম্যাদী পৰিকল্পনা কৰিছে৷ তেনে সময়তে অৰ্থলোভী বিধায়কগৰাকীয়ে দুৰ্নীতি পৰায়ণ ঠিকাদাৰ বুচ্ছাৰ জৰিয়তে অৰ্থ সংগ্ৰহত ব্যস্ত থকা কাৰ্যৰ ফল অনাগত সময়ত ভুগিব লাগিব বুলিও সাধাৰণ ৰাইজে জানিব দিয়ে ৷

নাহৰবাৰী তিনিআলিৰ পৰা খহুলীবাৰী সংযোগী পথটোৰ সংলগ্ন কালৰ্ভাট নিৰ্মাণত সংঘটিত হোৱা দুৰ্নীতিৰ বাবে তেওঁ স্থানীয় একাংশ লোকৰ লগতে বহু কেইটা দল সংগঠনৰ প্ৰতিবাদৰ সন্মুখীন হবলগীয়াও হৈছিল৷ ইমানৰ পিছটো বিধায়ক সিংঘলৰ আশীৰ্বাদ পুষ্ট বুচ্ছায়ে স্থানীয় ৰাইজ কিম্বা দল সংগঠনৰ প্ৰতিবাদক তিলমানো গুৰুত্ব নিদি নিজৰ খেয়াল খুছি মতে অতি নিম্নমানৰ সামগ্ৰীৰে পথ নিৰ্মাণ কৰি যোৱা কাৰ্যই সোণোৱাল চৰকাৰৰ দুমুখীয়া চৰিত্ৰকে উদঙাই দিয়া পৰিলক্ষিত হৈছে ৷

উল্লেখনীয় যে, সোণোৱাল চৰকাৰৰ বহুবল্কী বিধায়ক অশোক সিংঘলে বিভিন্ন সময়ত ৰাজহুৱা সভাত ডিঙিৰ সিৰ ফুলাই ভাষণ প্ৰসঙ্গত আমাৰ চৰকাৰে দুৰ্নীতিৰ বিৰুদ্ধে শূণ্য সহনশলীলতা অবলম্বন কৰিছে বুলি ফুলজাৰি মাৰি অহাৰ সমান্তৰালকৈ জাতীয় বীৰ শ্বহীদৰ নামত আবণ্টিত পথ নিৰ্মাণৰ ধন তেওঁৰ একাংশ চালা চামুণ্ডাৰ জৰিয়তে আত্মসাৎ কৰা কাৰ্যই সচেতন মহলত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে ৷ কেৱল বেপৰুৱা মনোবৃত্তিৰ বিধায়ক সিংঘলে শেহতীয়াকৈ বীৰ শ্বহীদসকলৰ নামত আবণ্টিত ধন প্ৰকান্তৰে আত্মসাৎ কৰা কাৰ্যই বিজেপি চৰকাৰৰ শূণ্য সহনশীলতা নীতিক পোনচাতে নস্যাৎ কৰাৰ অভিযোগ উঠিছে৷

স্থানীয় ৰাইজে প্ৰকাশ কৰা মতে, সমষ্টিটো শ্বহীদৰ নামত আবণ্টিত বহু কেইটা পথ নিৰ্মাণৰ আবণ্টন লাভ কৰা সিংঘলৰ ঘনিষ্ঠ ঠিকাদাৰ বুৰ্চ্ছায়ে ৪২ ৰ বীৰ শ্বহীদ সৰু নাথ চুতীয়াৰ নামত নামাকৃত নাহৰবাৰী তিনিআলিৰ পৰা খহুলীবাৰী সংযোগী পথ চোৱাৰ কামো বৰ্তমান পৰ্যন্ত কোনো ধৰণৰ অগ্ৰগতি লাভ নকৰাত স্থানীয় ৰাইজে ক্ষোভ প্ৰকাশ কৰি কয় যে সমাগত বাৰিষাৰ পূৰ্বে এই পথ চোৱা কাম সম্পূৰ্ণ নহলে জীয়াতু ভুগিব লাগিব বৃহত্তৰ অঞ্চলৰ ৰাইজ৷

আশ্বৰ্যজনক বিষয়টো হ’ল বীৰ শ্বহীদ সৰুনাথ চুতীয়া নামৰে নামাকৃত এই পথটো নিৰ্মাণ কাৰ্যত সংঘটিত হোৱা ব্যাপক কেলেংকৰীৰ বাবে বিগত সময়ত স্থানীয় ৰাইজ তথা দল সংগঠনে বহু বাৰ প্ৰতিবাদৰ কৰাৰ পিচতো উৰ্ধতম কৰ্তৃপক্ষই কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণৰ পৰা বিৰত থকা কাৰ্যই সচেতন মহলত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।