গণৰাজ্য দিৱসলৈ মাজত মাত্ৰ দুটা দিন, ক’ভিড পৰীক্ষা অবিহনে পেৰেডত অংশ ল’ব নোৱাৰিব আৰক্ষী

 01/23/2022 - 16:08
 
 
নিউজ ডেস্কঃ ৭২ সংখ্যক গণৰাজ্য দিৱসলৈ মাজত মাত্ৰ ২ দিন বাকী আছে৷ খানাপাৰাত কেন্দ্ৰীয়ভাৱে পালন কৰা হ'ব গণৰাজ্য দিৱস৷ সাজু হৈছে আৰক্ষী-প্ৰশাসন৷ ৰাজ্যৰ সন্মানীয় ৰাজ্যপালে উত্তোলন কৰিব গণৰাজ্য দিৱসৰ পতাকা৷ ক’ভিড বিধি অনুসৰি এইবাৰৰ কাৰ্য্যসূচীত নাথাকিব কোনো জাক-জমকতা৷
 
আনহাতে ১ হাজাৰ লোকৰ উপস্থিতিত অনুষ্ঠিত হ'ব কাৰ্য্যসূচী৷ নাথকিব কোনো সাংস্কৃতিক অনুষ্ঠানৰ কাৰ্য্যসূচী৷ ইয়াৰ উপৰি পেৰেডত অংশ ল'বলগীয়া আৰক্ষী অৰ্ধসামৰিক বাহিনীৰ সকলোলোকৰ দেওবাৰৰ পৰা কৰা হ'ব ক’ভিড পৰীক্ষা৷ পৰীক্ষা অবিহনে কোনো আৰক্ষী-অৰ্ধসামৰিক বাহিনীৰ লোকে অংশ ল'ব নোৱাৰিব পেৰেডত৷ সেয়ে বাধ্যতামূলকভাৱে সম্পন্ন কৰা ক’ভিড পৰীক্ষা। উল্লেখ্য যে এইবাৰৰ গণৰাজ্য দিৱসত প্ৰায় ৯ টা দলে অংশ ল'ব পেৰেডত৷ 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।