কমাৰবন্ধা মহাবিদ্যালয়ত প্ৰাক্তন ছাত্র সমাৰোহ সম্পন্নঃ দুখন গ্ৰন্থ উন্মোচন

 01/23/2022 - 19:34
 
 
গোলাঘাটঃ গোলাঘাট জিলাৰ কমাৰবন্ধা মহাবিদ্যালয়ত কালি আৰু আজি দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে প্ৰাক্তন ছাত্ৰ সমাৰোহ অনুষ্ঠিত হয়। আজি সামৰণি দিনা প্ৰাক্তন শিক্ষাৰ্থী সন্মিলনৰ সভাপতি পবিত্ৰ দুৱৰাই পতাকা উত্তোলন, উদযাপন সমিতিৰ সম্পাদক বিদ্যুৎ বিকাশ বৰাই স্মৃতি তৰ্পন , প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ অন্তৰংগ আলাপ আৰু বিয়লি এখন গাম্ভীৰ্যপূৰ্ণ মুকলি সভা অনুষ্ঠিত হয়।
 
দৰ্শন বিভাগৰ মুৰব্বী অধ্যাপক পবিত্র দুৱৰাৰ সভাপতিত্বত আৰু বিদ্যুত বিকাশ বৰাই আত ধৰা সভাত প্ৰাক্তন অধ্যক্ষ পূৰ্ণ বৰাই মুকলি সভা উদ্বোধন, অধ্যক্ষ অতুল শইকীয়া আৰু, কনিষ্ঠ অধ্যক্ষ জ্যোতি লক্ষী চুতীয়াই বিশিষ্ট অতিথিৰ ভাষণ  প্ৰদান কৰে।
 
সভাত অগ্ৰজ নামৰ এখন স্মৃতি গ্ৰন্থ আনুষ্ঠানিকভাৱে উন্মোচন কৰে প্ৰতিষ্ঠাপক অধ্যক্ষ দেবেশ্বৰ গগৈয়ে। মন কৰিবলগীয়া যে উক্ত সভাতে  শিক্ষাবিদ, প্ৰাক্তন অধ্যক্ষ দেবেশ্বৰ গগৈৰ তৃতীয়খন গ্ৰন্থ কুন্তী আৰু গান্ধাৰী উন্মোচন কৰে অধ্যক্ষ অতুল শইকীয়াই। সভাত উদযাপন সমিতিৰ সভাপতি সোমেশ্বৰ পাত্ৰ ই আদৰণি ভাষণ প্ৰদান কৰে।
 
সভাত অধ্যাপক পৰেশ কলিতা, অৱসৰপ্ৰাপ্ত অধ্যাপক প্ৰদীপ দুৱৰা, ৰেণু গগৈ, গুনেন বৰা , উপাধ্যক্ষ ৰুমী ভৰালীকে আদি কৰি বহু প্ৰাক্তন ছাত্ৰ -ছাত্রী উপস্থিত থাকে আৰু এইসকল ছাত্ৰ-ছাত্ৰীৰ সাংস্কৃতিক অনুষ্ঠানেৰে জীপাল হৈ উঠে কমাৰবন্ধাৰ মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ সমাৰোহখনি।
 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।