বকোৰ বি. এড. কলেজত নিখিল ৰাভা সাহিত্য সভাৰ সপ্তম ত্রি-বাৰ্ষিক অধিৱেশন

 01/23/2022 - 19:45
 
 
 
বকোঃ কামৰূপ জিলাৰ বকোৰ বি. এড. কলেজত আজি নিখিল ৰাভা সাহিত্য সভাৰ বকো আঞ্চলিক ৰাভা সাহিত্য সভাৰ উদ্যোগত সপ্তম ত্রি- বাৰ্ষিক অধিবেশনৰ মুকলি সভা অনুষ্ঠিত হৈ যায়। মুকলি সভাত সভাপতিত্ব কৰে নিখিল ৰাভা সাহিত্য সভাৰ সভাপতি অমিয় কুমাৰ ৰাভায়ে। সভাত নিৰ্দিষ্ট বক্তা, বিশিষ্ট অতিথিৰ লগতে সন্মানীয় অতিথি সকলক সম্বৰ্ধনা জনোৱা হয়।
 
মুকলি সভাত নিৰ্দিষ্ট বক্তা হিচাবে অংশ গ্রহণ কৰে নিখিল ৰাভা সাহিত্য সভাৰ মুখ্য সম্পাদক ৰাজকুমাৰ ৰাভাই। সভাত বিশিষ্ট অতিথি হিচাবে অংশগ্রহণ কৰে ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ উপাধ্যক্ষ ৰমাকান্ত ৰাভাই। সন্মানীয় অতিথি হিচাবে যোগদান কৰে নিখিল ৰাভা সাহিত্য সভাৰ সম্পাদক মাটিৰাম ৰাভা, ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য আদিত্য ৰাভা,কাৰ্যবাহী সদস্য ফ্রাইলিন আৰ মাৰাককে ধৰি কেইবাজনো ভাষাবিদ-লেখক সাহিত্যিকসকল উপস্থিত থাকে।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।