বোকাজানৰ বালি পথাৰত ভয়ংকৰ পথ দুৰ্ঘটনাঃ থিতাতে নিহত ২, গুৰুতৰ ভাৱে আহত ৩

 06/06/2019 - 15:39

বোকাজানঃ বোকাজানৰ বালি পথাৰত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। এই পথ দুৰ্ঘটনাটোত থিতাতে নিহত হয় ২ জন আৰু ৩ জন গুৰুতৰ ভাৱে আহত। জানিব পৰা মতে, আজি দিনৰ ১১ বজাত বোকাজানৰ পৰা দেওপানী অভিমুখে গৈ থকা এখন অট'ক মহতিয়াই নিয়ে এখন মহেন্দ্ৰ বলেৰ পিক আপ গাড়ীয়ে।

 

যাৰ ফলত অট' খনত থকা ৫ জন আৰোহীৰ থিতাতে নিহত হয় ২ জন। নিহত দুজনৰ নাম অট’খনৰ চালক বিজয় চৌধুৰী আৰু যাত্ৰী জ্ঞান প্ৰসাদ। বোকাজান ৰেল ষ্টেচনৰ সহকাৰী অধীক্ষক আছিল জ্ঞান প্ৰসাদ।

 

গুৰুতৰ ভাৱে আহত ৩ জনক একেটা পৰিয়ালৰে সৰোজ প্ৰসাদ, অমন প্ৰসাদ আৰু সহিল প্ৰসাদক বোকাজান অসামৰিক চিকিৎসালয়ত ভৰ্ত্তি কৰোৱা হৈছে যদিও উন্নত চিকিৎসাৰ বাবে ডিমাপুৰলৈ প্ৰেৰণ কৰিছে। নিয়ন্ত্ৰণ হেৰুৱাই বলেৰ পিকআপখনে তীব্ৰ বেগেৰে খুন্দা মাৰে অট’খনক। দুৰ্ঘটনা সংঘটিত কৰা বলেৰ পিকআপখনৰ নম্বৰ AS 09 AC 2099 আৰু অট’খনৰ নম্বৰ AS 09 AC 6771৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।