কণমানি কণ্ঠশিল্পী ধৃতিস্মান চক্ৰৱৰ্তীলৈ ভাৰত চৰকাৰৰ ‘প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় বাল পুৰস্কাৰ ২০২২’

 01/24/2022 - 16:15
 
 
নিউজ ডেস্কঃ মাত্ৰ চাৰিবছৰ বয়সৰ পৰাই গীত গাই জনপ্ৰিয় হোৱা নাজিৰাৰ কণমানি শিল্পী ধৃতিস্মান চক্ৰৱৰ্তীলৈ ভাৰত চৰকাৰে প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় বাল পুৰস্কাৰ ২০২২ আগবঢ়াইছে৷ কোভিড পৰিস্থিতিৰ বাবে বঁটা প্ৰদান অনুষ্ঠান ৰাষ্ট্ৰপতি ভৱনত অনুষ্ঠিত কৰা হোৱা নাই। সেয়েহে আজি পিএমঅ' আৰু ৰাষ্ট্ৰপতি ভৱনে আয়োজন কৰা বঁটা প্ৰদান অনুষ্ঠানত ভিডিঅ’ কনফাৰেন্সযোগে কণমানি ধৃতিস্মানে অংশগ্ৰহণ কৰিছে৷
 
শিৱসাগৰ জিলা উপায়ুক্ত কাৰ্যলয়ত উপস্থিত হৈ কণমানি ধৃতিস্মানে অনুষ্ঠানত অংশ গ্ৰহণ কৰিছে আৰু ব্লকচেইন পদ্ধতিৰে ধৃতিস্মানক প্ৰদান কৰিব মানপত্ৰ৷ এই বঁটাত আছে এটা মেডেল এখন মানপত্ৰ আৰু নগদ একলাখ টকা৷মাত্ৰ পাঁচবছৰ বয়সতে ৭-৮ আঠটা ভাষাৰ প্ৰায় ৭০টা গীত বাণীবদ্ধ কৰিছে ধৃতিস্মান চক্ৰৱৰ্তীয়ে৷ কণমানি ধৃতিস্মান চক্ৰৱৰ্তী ছচিয়েল মিডিয়াটো বহু জনপ্ৰিয়৷ ইয়াৰ উপৰিও অসমীয়া আৰু বাংলা বহুকেইটা জনপ্ৰিয় টেলিভিছনৰ শ্ব’ত অংশগ্ৰহণ কৰিছে ধৃতিস্মান চক্ৰৱৰ্তী৷ মহান ক্ৰিকেটাৰ সৌৰভ গাংগুলীৰো সান্নিধ্য লাভ কৰিছে ধৃতিস্মান চক্ৰৱৰ্তীয়ে৷
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।