মৰিয়নীত বিহ দি নাহৰফুটুকী হত্যা দুৰ্বৃত্তৰ 

 06/06/2019 - 15:43

মৰিয়নীঃ মৰিয়নীৰ গাভৰু পৰ্বত চাহ বাগিছাত নাহৰফুটুকী বাঘ হত্যা। পূৰ্ণ বয়স্কৰ নাহৰফুটুকীতো বিহ দি হত্যা কৰাৰ সন্দেহ কৰিছে স্থানীয় লোকসকলে। চাহ বাগিছাৰ এটা নলাত উদ্ধাৰ হয় বৃহৎ আকাৰৰ মৃত নাহৰফুটুকীটো। বাঘটোৰ দাঁত, নখ কাটি লৈ যায় দুস্কৃতিকাৰীয়ে। উল্লেখ্য যে অঞ্চলটোত দীৰ্ঘ দিন ধৰি কেইবাটাও নাহৰফুটুকী বাঘে বিচৰণ কৰি সন্ত্ৰাস চলাই অহাৰ লগতে বহু লোকৰ পশুধন হানি কৰিছিল।

সম্প্ৰতি বন বিভাগে মৃত নাহৰফুটুকীটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে। উল্লেখ্য যে পূৰ্বতেও বাগিছাখনত বহুকেইটা বাঘ দুস্কৃতিকাৰীৰ হাতত প্ৰাণ গৈছিল। বন বিভাগে কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ নকৰাৰ অভিযোগ উঠি আহিছে। আনহাতে এনেদৰে দুষ্প্ৰাপ্য নাহৰফুটুকী বাঘৰ মৃত্যুৰ ফলত নাহৰফুটুকী বাঘৰ হাৰ দ্ৰুত গতিত হ্ৰাস পোৱাত প্ৰকৃতিপ্ৰেমীসকল চিন্তিত হৈ পৰিছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।