01/25/2022 - 12:42
in
লক্ষীপুৰঃ গোৱালপাৰা জিলাৰ লক্ষীপুৰ থানাৰ অন্তৰ্গত ধুমেৰঘাটত আৰক্ষীয়ে মেঘালয় লৈ সৰবৰাহ কৰাৰ সন্দেহত আজি সন্ধিয়া ধাৰাই গাঁৱৰ পৰা আটক কৰিলে এজন লোকসহ ১৯ টা কৈ গৰু। ধুমেৰঘাট আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া ইমদাদুল হুছেইনে জানিব দিয়া মতে মেঘালয়ৰ বেপাৰীয়ে গৰু ক্ৰয় কৰি টকাৰ বিনিময়ত মজদুৰৰ সহায়ত গৰু সৰবাহ কৰে আৰু আজি জলেশ্বৰৰ পৰা মজদুৰে গৰু কেইটা লৈ যোৱাৰ সময়তে ধাৰাইত ধুমেৰঘাট আৰক্ষীৰ টহলদাৰী দলক দেখা পাই গৰু সৰবৰাহকাৰীসকলে গৰু কেইটা এৰি পথাৰলৈ দৌৰি পলাবলৈ চেষ্টা কৰাত ১৯ টা গৰুসহ এজন লোক আটক কৰে ধুমেৰঘাট আৰক্ষীয়ে, আটকাধীন লোক জনৰ নাম জাকিৰ হুছেইন। আনফালে আটক কৰা গৰু কেইটাৰ ভিতৰত দুই এজন গৰাকীয়ে দাবী কৰে যে আমাৰ হাতত উপযুক্ত চালান আছে আমি ঘৰৰ বাবে হে গৰুবোৰ ক্ৰয় কৰিছো। আচলতে ঘৰৰ গৰু বুলি দাবী কৰা ব্যক্তিকেইজনৰ কথা কিমান সত্য উচ্চ পৰ্যায়ৰ তদন্তৰ পিছতে ওলাই পৰিব আচল ৰহস্য।