স্মৃতিগ্ৰন্থ হেঙুলী ঊষাৰ বাবে লেখা আহ্বান

 06/06/2019 - 15:49

বোকাজানঃ সমগ্ৰ ৰাজ্যৰ বিভিন্ন প্ৰান্তত ২০ জুন তাৰিখে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ স্মৃতি দিৱস উদযপানৰ প্ৰস্তুতি চলোৱাৰ সমান্তৰালকৈ বোকাজানতো বোকাজান আঞ্চলিক ছাত্ৰ সন্থাই বিষ্ণু ৰাভা দিৱস উদযাপনৰ প্ৰস্তুতি চলাইছে৷ বিগত বৰ্ষ সমূহৰ দৰে এইবাৰো বোকাজান আঞ্চলিক ছাত্ৰ সন্থাই বিষ্ণু ৰাভা দিৱসৰ লগত সংগতি ৰাখি বিভিন্ন কাৰ্যসূচীৰ উপৰি "হেঙুলী ঊষা" নামেৰে এখন স্মৃতিগ্ৰন্থ প্ৰকাশৰ ব্যৱস্থা কৰিছে৷

তদুপলক্ষে ইচ্ছুক লেখক-লেখিকা সকলৰ পৰা স্মৃতিগ্ৰন্থত প্ৰকাশৰ বাবে বিভিন্ন প্ৰবন্ধ, গল্প, কবিতা আদি বিচৰা হৈছে৷ লেখা সমূহ ফুলস্কেপ কাগজৰ এপিঠিত স্পষ্ট আখৰেৰে লিখাৰ লগতে বাক্য, শাৰীৰ মাজত নিদিষ্ট ব্যৱধান থাকিব লাগিব৷ অথবা ডি টি পি কৰিও পঠাব পাৰিব৷ ইচ্ছুক লেখক-লেখিকা সকলে তেওঁলোকৰ লেখাসমূহ ১২ জুন তাৰিখৰ ভিতৰত kakotiarnob337@gmail.com অথবা ৯৯৫৭১১১১৮৫ নম্বৰৰ হোৱাটছএপৰ জৰিয়তেও পঠিয়াব পাৰিব বুলি "হেঙুলী ঊষা"ৰ সম্পাদকে জানিবলৈ দিছে৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।