গোলাঘাট জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সংবাদ মেল, নুমলীগড় শোধনাগাৰ বিৰুদ্ধে ৪৮ লাখ ৰাজহুৱা ধন অপচয় অভিযোগ

 01/25/2022 - 17:49
 
 
 
গোলাঘাটঃ গোলাঘাট প্ৰেছ ক্লাৱত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে এক সংবাদ মেল আয়োজন কৰি নুমলীগড় শোধনাগাৰ পৰিচালক হোমেন্দ্ৰ কুমাৰ বৰুৱাই ৪৮ লাখ ৰাজহুৱা ধন অপব্যৱ্হাৰ কৰিছে বুলি অভিযোগ উত্থাপিত কৰে। শ্বহীদৰ ৮৫৫ জন কেঁচা তেজৰ বিনিময়ত প্ৰতিস্থা হোৱা নুমলীগড় শোধনাগাৰ ধন এনেদৰে অপব্যৱ্হাৰ কৰাটো কোনো কাৰণত মানি লোৱা নহব বুলি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি জাঙুৰ খাই উঠে।
 
যি সময়ত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই দাবী কৰি আহিছে কোনো বিভাগত চৰকাৰী ধন অপব্যৱ্হাৰ কৰিব দিয়া নহব, দুৰ্নীতিৰ মুক্ত এখন অসম গঢ়ি তোলাৰ হ’ব, তেনে সময়তে নুমলীগড় শোধনাগাৰ পৰিচালকজনে বিদেশ ভ্ৰমণকে আদি কৰি বিভিন্ন দিশত প্ৰতিস্থাপনতি ধন খৰছ কৰি আহিছে বুলি অভিযোগ কৰে। উক্ত সংবাদ মেলতে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি কেন্দ্ৰীয় মুখ্য সাংগঠনিক সম্পাদক প্ৰিণ্টো গগৈয়ে জনায় যে গোলাঘাটৰ জ্যেষ্ঠ সাংবাদিক অপূৰ্ব বল্লভ গোস্বামীয়ে নুমলীগড় শোধনাগাৰ ধন অপব্যৱ্হা কৰা বিষয়টোলৈ ওপৰত গোলাঘাট সদৰ আৰক্ষী খানাত এখনি এজাহাৰ দাখিল কৰিছে বুলিও জানিব দিয়ে।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।