মানাহৰ বাঁহবাৰীত গণৰাজ্য দিৱস উদযাপনঃ বনকৰ্মীক উৎসাহ যোগোৱাৰ উদ্দেশ্যে পুৰস্কাৰ প্ৰদান

 01/26/2022 - 13:51
 
 
শালবাৰীঃ সমগ্ৰ ভাৰতবৰ্ষৰ সমান্তৰালকৈ অসমৰো ভিন্ন প্ৰান্তত পালন কৰা হ'ল গণৰাজ্য দিৱস। সেই উপলক্ষে বাক্সাৰ তথা মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ বাঁহবাৰী বনাঞ্চলিক কাৰ্যালয়তো উদযাপন কৰা হয় গণৰাজ্য দিৱস। পুৱাই কাৰ্যালয়টোৰ চৌহদত ত্ৰিৰংগা পতাকা উত্তোলন কৰে বন বিষয়া বাবুল ব্ৰহ্মই। ইয়াৰ লগত সংগতি ৰাখি বনকৰ্মীসকলক নিজা প্ৰচেষ্টাৰে বন বিষয়া বাবুল ব্ৰহ্মই বন্যপ্ৰাণী সুৰক্ষাত ব্ৰতী হৈ থকা বনকৰ্মীসকলক উৎসাহ যোগোৱাৰ উদ্দেশ্যে এখনি মানপত্ৰৰ লগতে কিছু পৰিমাণে নগদ প্ৰদান কৰে। বন বিষয়াগৰাকীৰ এই কাৰ্যক প্ৰসংশা কৰে বনকৰ্মীৰ লগতে মানাহ ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।