মানকাচৰত সাত বছৰীয়া শিশুক কৰ্তব্যৰত বিএছএফ জোৱানৰ যৌন নিৰ্যাতন

 06/06/2019 - 16:28

হাটশিঙিমাৰীঃ ভাৰত-বাংলাদেশ সীমান্তৰ মানকাচৰৰ ঝগৰাৰ চৰ বিএছএফ কেম্পৰ এখন নিৰীক্ষণ চকীত বুধবাৰে আবেলি সংঘটিত হয় এক জঘন্য ঘটনা৷ এটা লম্পট জোৱানে সাত বছৰীয়া এটি শিশুক গুটখা কিনি আনিবলৈ দিয়ে৷ কাঁইটীয়া তাঁৰৰ বেৰত পহৰা দি থকা অৱস্থাত লম্পট জোৱানটোক গুটখা আনি দিয়াৰ পাছত শিশুটিক নিৰীক্ষণ চকীৰ ঘৰৰ ভিতৰত লৈ যায়।

তাতেই লম্পট জোৱানটোৱে শিশুটিক বলপূৰ্বকভাৱে যৌন নিৰ্যাতন চলাবলৈ ধৰে৷ শিশুটিয়ে চিঞৰ-বাখৰ কৰাত গৰু ৰাখিবলৈ অহা আন একাংশৰ চকুত পৰে৷ শিশুটিক উদ্ধাৰ কৰিবলৈ গৈ স্থানীয় ৰাইজৰ বিএছএফৰ লগত মাৰপিটৰ ঘটনা সংঘটিত হয়৷ এনে পৰিস্থিতিত লম্পট জোৱানটোৰ হাতত থকা এ কে ৪৭ বন্দুকেৰে গুলিওৱাৰ ভাবুকি দিয়ে।

ফলত ৰাইজে জোৱানটোক ধৰি উত্তম-মাধ্যম দিয়াৰ লগতে জোৱানটোৰ বন্দুকৰ মেগজিন কাঢ়ি নিয়ে৷ ঘটনাটোক কেন্দ্ৰ কৰি পৰিস্থিতি অধিক উত্তপ্ত হৈ পৰে৷ ঘটনাস্থলীত বিএছএফৰ শীৰ্ষ বিষয়াৰ লগতে মানকাচৰ আৰক্ষী, জিলা আৰক্ষী অধীক্ষক তথা অতিৰিক্ত আৰক্ষী বিষয়া উপস্থিত হয়৷ আৰক্ষীয়ে গাঁওবাসীৰ পৰা মেগজিন উদ্ধাৰ কৰি জোৱানক চমজাই দিয়ে।

কিন্তু শিশুক ধৰ্ষণৰ চেষ্টা কৰা জোৱানটোৰ উচিত বিচাৰ নোহোৱাৰ বাবে ৰাইজ উত্তেজিত হৈ পৰে৷ দেশৰ সুৰক্ষাৰ বাবে সীমান্তত নিয়োজিত জোৱানৰ এনে নির্লজ্জ ঘটনাৰ বাবে স্থানীয় ৰাইজে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। লম্পট জোৱানটোৰ পৰিচয় পোৱা হোৱা নাই যদিও তেওঁক গ্ৰেপ্তাৰৰ দাবী জনাইছে ৰাইজে।

ইফালে ঘটনাস্থলীত সাংবাদিকক প্ৰৱেশ কৰিব দিয়া নাই সুৰক্ষা বাহিনীয়ে৷ গাঁওখনত পদাৰ্পন কৰিবলৈ হ’লে সীমান্ত পথৰ ওপৰেদি যাব লাগে৷ এই সুযোগ লৈ কোনো লোক বা সাংবাদিকক গাঁওখনত প্ৰৱেশত বাধা দি বিএছএফ জোৱানে ঘটনা গাপ দিয়াৰ চেষ্টা চলাোৱাৰ অভিযোগ উঠিছে৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।