01/26/2022 - 16:24
in
খৈৰাবাৰীঃ বি আৰ আম্বেদকাৰৰ সানিধ্যত ১৯৫০ চনৰ ২৬ জানুৱাৰী দিনা সমগ্ৰ দেশতে ভাৰতীয় সংবিধানখন বলৱৎ কৰা হৈছিল যাৰ বাবে প্ৰতিবছৰে ২৬ জানুৱাৰী দিনটোত সমগ্ৰ দেশত গণৰাজ্য দিৱস উদযাপন কৰি আহিছে। সেয়ে আজি ৭৩ সংখ্যক গণৰাজ্য দিৱসত উপনিত তাৰ পৰিপেক্ষিতত বিভিন্ন প্ৰান্তৰ লগতে আজি ওদালগুৰি জিলা ভেৰগাঁও মহকুমা প্ৰশাসনৰ সৌজন্যতো ভেৰগাঁও মহকুমা পেৰেড গ্ৰাউণ্ডত দিৱস ক'ভিড ১৯ প্ৰটকল পালন কৰি অনুষ্টুপীয়াকৈ উদযাপন কৰিছে ৭৩"সংখ্যক গণৰাজ্য দিৱস,বিটিচি Em, mcla, বিভিন্ন সমাজকৰ্মীৰ তথা ছাত্ৰ সংগঠনৰ বিভিন্ন বিষয়ববীয়াৰ উপস্থিতিত, আজি ভেৰগাঁও মহকুমা প্ৰশাসনৰ দ্বাৰা উদযাপিত ৭৩ সংখ্যক গণৰাজ্য দিৱসৰ পতাকা উত্তোলন কৰে মহকুমা ধিপতি দিপক ভূঞাই,মহামাৰী কৰ'নাৰ sop প্ৰতি লক্ষ্য ৰাখি স্কুল কলেজৰ ছাত্ৰ-ছাত্ৰীৰ অবিহনে, কোনোধৰণৰ সাংস্কৃতিক অনুষ্ঠান নাৰাখি অনুষ্টুপীয়াকৈ উদযাপন কৰে বুলি মহকুমা ধিপতি দিপক ভূঞাই মন্তব্য কৰে।