গুৱাহাটীঃ কামৰূপৰ বাথানত নৃশংস হত্যাকাণ্ড। পত্নী আৰু পৰকীয়া প্ৰেমিকে মিলি স্বামীক হত্যা কৰি নিশা পেলাই দিলে ব্ৰহ্মপুত্ৰ নদীত। পত্নী অঞ্জু দাস আৰু পৰকীয়া প্ৰেমিক তপন দাসে মিলি হত্যা কৰিলে প্রফুল্ল দাসক। যোৱা ৩ জুনত সংঘটিত হৈছিল এই হত্যাকাণ্ড৷ হত্যাকাণ্ড সংঘটিত কৰি পত্নীয়ে সন্ধানহীন বুলি শুৱালকুছি থানাত দিছিল এজাহাৰ। ইতিমধ্যে শুৱালকুছি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে পত্নী অঞ্জু দাস আৰু প্ৰেমিক তপন দাসক। দুই অভিযুক্তই স্বীকাৰ কৰিছে হত্যাকাণ্ডৰ কথা।
প্ৰফুল্ল দাসৰ মৃতদেহ বিচাৰি ব্ৰহ্মপুত্ৰত চলি আছে এচডিআৰএফৰ অভিযান। ৩ জুন তাৰিখে নিশা পৰকীয়া প্ৰেমিকৰ সৈতে মিলি ডিঙিত গামোচা বান্ধি হত্যা আৰু তাৰ পাছত ব্ৰহ্মপুত্ৰত পেলাই দিলে দুই ঘাতকে। পত্নী অঞ্জু দাসে নিশাৰ আহাৰত নিচাযুক্ত দ্ৰব্য মিহলাই স্বামী আৰু দুই সন্তানক অচেতন কৰি লয়৷
তাৰপাছতেই নিশা সংঘটিত কৰিলে লোমহৰ্ষক হত্যাকাণ্ড। পৰকীয়া প্ৰেমিকৰ সৈতে লগ লাগি অঞ্জুৱে নিশা ঘৰৰ পৰা টানি চুচৰাই নি ব্ৰহ্মপুত্ৰত পেলাই দিলে স্বামীক৷ এই ভয়ানক ঘটনাৰ পিছত সমগ্ৰ অঞ্চলজুৰি সৃষ্টি হৈছে চাঞ্চল্য। হত্যাকাণ্ডৰ নিশা অঞ্জুৰ সৈতে ফোনত সঘন যোগাযোগ হৈছিল প্ৰেমিক তপন দাসৰ৷ আৰক্ষীয়ে লাভ কৰিছে এই তথ্য। স্বামীহন্তা পত্নী আৰু প্ৰেমিক তপনক গ্ৰেপ্তাৰ কৰিছে শুৱালকুছি আৰক্ষীয়ে।