ফকৰিগঞ্জত ভয়ংকৰ অগ্নিকাণ্ড, জুইত জাহ গ’ল ছয় লক্ষাধিক টকা মূল্যৰ সামগ্ৰী

 01/28/2022 - 15:05
 
 
মানকাচৰঃ ফকৰিগঞ্জত ভয়ংকৰ অগ্নিকাণ্ড৷ ছয় লক্ষাধিক টকা মূল্যৰ সামগ্ৰী ভস্মীভূত। কিছু সময় পূৰ্বে ফকিৰগঞ্জৰ দক্ষিণ আমবাৰী গাঁৱত সংঘটিত হয় ভয়ংকৰ অগ্নিকাণ্ড। আব্দুৰ ৰহমান নামৰ লোকজনৰ ঘৰত সংঘটিত হয় অগ্নিকাণ্ড।
 
জুইৰ লেলিহান শিখাত নিমিষতে ভস্মীভূত হয় এখন ঘৰ। অগ্নিদগ্ধ হৈ মৃত্য হয় পশুধনৰ। মাটিৰ নথি-পত্ৰকে ধৰি বহু গুৰুত্বপূৰ্ণ আচবাব পত্ৰ ভস্মীভূত হয়। প্ৰায় ছয় লক্ষাধিক টকা মূল্যৰ সা-সামগ্ৰী ভস্মীভূত হয় অগ্নিকাণ্ডৰ উৎস জানিব পৰা হোৱা নাই। স্থানীয় ৰাইজৰ তৎপৰতাত জুই নুমুৱাবলৈ সক্ষম হোৱাতত ভয়ংকৰ বিপদৰ পৰা ৰক্ষা পৰে গাঁওবাসী।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।