হাটশিঙিমাৰীঃ ঈদৰ দিনাই মানকাচৰৰ বামুনপাৰাত সংঘটিত হয় এক হৃদয় বিদাৰক ঘটনা। স্বয়ং স্বামীয়ে বুধবাৰে সন্ধিয়া নিজা ঘৰ বেদবাৰীত পত্নীক হত্যা কৰি গলশাফা বেমাৰ হোৱা বুলি মিছা মাতি ৰাতি হাটশিঙিমাৰী অসামৰিক চিকিৎসালয়লৈ লৈ আহে যদিও চিকিৎসকে মৃত্যু হোৱা বুলি ঘোষণা কৰাৰ পিছত ৰাতি প্ৰায় ১১ বজাত পত্নীক শহুৰেকৰ ঘৰলৈ লৈ যায় আৰু গলশাফা বেমাৰ হৈ মৃত্যুবৰণ কৰে বুলি শহুৰ-শাহুৰক অৱগত কৰে।
পিছে ঘটনাটোক কেন্দ্ৰ কৰি মৃত পত্নীৰ অভিভাৱকে গোপন সূত্ৰে খবৰ লোৱাত সমগ্ৰ ঘটনা জানিব পাৰে। পিছে বামুনপাৰা গাঁৱৰ স্থানীয় ৰাইজে স্বামী ইদ্ৰিছ আলী আৰু তেওঁৰ পিতা মান্নান শেখক আটক কৰি মানকাচৰ আৰক্ষীক খবৰ কৰে। মৃত মহিলাগৰাকী বামুনপাৰা গাৱঁৰ জাহান উদ্দিনৰ জীয়ৰী হুছেইনাৰা বেগম(২৩)।
ঘটনাটোক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় যদিও মানকাচৰ আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে আৰু মৃত মহিলাগৰাকীৰ স্বামী ইদ্ৰিছ আলী আৰু তেওঁৰ পিতা মান্নান শেখক কৰায়ত্ত কৰে। আৰক্ষীয়ে জনোৱা মতে লম্পট ইদ্ৰিছ আলীয়ে তেওঁৰ পত্নীক হত্যা কৰা বুলি ইতিমধ্যে স্বীকাৰ কৰিছে।