বিশ্বনাথত উপস্থিত আনছুল গুপ্তা, ৰাজ্যৰ ভিতৰতে দ্বিতীয়টো ৰে’লৱে মিউজিয়ামৰ শুভ উদ্বোধন

 01/29/2022 - 16:11
 
 
বিহালীঃ আজি বিশ্বনাথত উপস্থিত হ’ল উত্তৰ পূৰ্ব সীমান্ত ৰে’লৱেৰ মহাপ্ৰবন্ধক আনছুল গুপ্তা। মহাপ্ৰবন্ধক গৰাকীক বিপুল আদৰণি জনাই বিশ্বনাথ ৰে’লৱে বিভাগৰ লগতে বিশ্বনাথ জিলা সাংবাদিককে ধৰি বিভিন্ন জাতীয় দল-সংগঠনৰ নেতা কৰ্মীয়ে। বিশ্বনাথৰ সাংবাদিক আৰু বিভিন্ন জাতীয় দল-সংগঠনৰ মহাপ্ৰবন্ধক গৰাকীক কাষত পাই বিশ্বনাথত অতি কমেও দুখনকৈ দিল্লী অভিমুখী যাত্ৰীবাহী ৰে’লৰ লগতে পুৱাৰ ভাগত উত্তৰ অসমৰ পৰা যাত্ৰীবাহী ৰে’লৰ এটা ষ্টপেজ দিয়াৰ সন্দৰ্ভত স্মাৰক পত্ৰ প্ৰদান কৰে।
 
ইফালে মহাপ্ৰবন্ধক গৰাকীয়ে বিশ্বনাথৰ ৰে’ল ষ্টেছনত বিভিন্ন ক্ষেত্ৰত তদাৰক কৰাৰ লগতে বুজ ল’লে বিভিন্ন সমস্যাৰ। মহাপ্ৰবন্ধক গৰাকীয়ে একেদিনাই বিশ্বনাথ ৰে’ল ষ্টেছনত ৰাজ্যৰ ভিতৰতে দ্বিতীয়খন ৰে’লৱে মিউজিয়াম শুভ উদ্বোধন কৰে। তেওঁ লগতে বিশ্বনাথৰ ৰে’ল ষ্টেছনত নিৰ্মাণ কৰা আটক ধুনীয়া এই শিশু উদ্যান এখন উদ্বোধন কৰে। আনহাতে ৰাজ্যৰ ভিতৰতে আজি শুভ উদ্বোধন কৰা দ্বিতীয়টো মিউজিয়ামত সংৰক্ষণ কৰা হৈছে বৰ্তমান ৰে’লৱে বিভাগৰ পৰা হেৰাই যোৱা পৌৰাণিক ৰে’লৰ ব্যবহাৰ হোৱা বিভিন্ন সঁজুলি।
 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।