আজি পবিত্ৰ মে-ডাম-মে-ফি

 01/31/2022 - 13:08
 
 
নিউজ ডেস্কঃ আজি টাই আহোম সকলৰ পৰম্পৰাগত পবিত্ৰ উৎসৱ মে-ডাম-মে-ফি। এই উৎসৱত আহোমসকলে পূৰ্বপুৰুষ সকলক স্মৰণ কৰে আৰু বিশ্ব শান্তিৰ বাবে কামনা কৰে। এই পৰম্পৰাৰ জৰিয়তে উপৰি-পুৰুষৰ সৈতে অশাৰীৰিক যোগসূত্ৰ স্থাপন কৰি নিজৰ আৰু সমাজৰ তথা দেশৰ মংগলৰ বাবে জন-মিং বা আশীৰ্বাদ বিচৰা হয়। মে-ডাম-মে-ফিৰ অৰ্থ হ’ল মে মানে তৰ্পন, ডাম মানে মৃতক আৰু ফী মানে হ’ল মৃতকৰ দেও। অন্যান্য পৰম্পৰাৰ দৰে মে ডাম মে ফি পালনৰ বাবেও নীতি নিয়ম আছে যাক তাঈ আহোম ভাষাত খ্য়েক-লাই বুলি জনা যায়। প্ৰচলিত বিশ্বাস অনুসৰি এই নীতি নিয়ম সমূহ অসমলৈ আনিছিল চাওলুং চ্যুকাফাৰ লগত অহা বুৰঞ্জী লিখক ম'-মুন্-ম'-মাই দেওধায়ে। বৰ্তমান সময়ত প্ৰতিবছৰে জানুৱাৰী মাহৰ ৩১ তাৰিখে পালন কৰা এই পৰম্পৰাৰ বাবে সমূহীয়াকৈ ৰাইজ গোট খাই এখন আঠচুকীয়া অস্থায়ী হ'-ফী (দেউশাল) সাজে আৰু ইয়াত আঠখন মেহেঙা (শৰাই) পাতি তেওঁলোকৰ আদি পিতা লেংডন দেৱতা প্ৰমুখ্যে আঠজন ‘'ফী’'ক উপাসনা কৰে। এই পূজাত ফুৰা-তা-ৰা-আলং অথবা নিৰাকাৰ ভগৱানক প্ৰাৰ্থনা জনোৱাৰ উপৰিও ঙি ডাম খাম্ বা সোণালী ড্ৰেগন অংকিত পতাকা উত্তোলন কৰি সমূহীয়াভাৱে ভোজ দিয়া হয়। এই পৰম্পৰা অসমত পোন প্ৰথম বাৰৰ বাবে আয়োজন কৰা হৈছিল তিপামৰ বুঢ়াডাঙৰীয়াৰ থানত। ৰাজহুৱাভাৱে আয়োজিত এই মে-ডাম-মে-ফিৰ উপৰিও আহোমসকলে ঘৰুৱাভাৱে এই পৰম্পৰা আয়োজন কৰে। ঘৰুৱাভাৱে আয়োজিত এই পৰম্পৰাত পাকঘৰৰ দক্ষিণ দিশৰ খুটা যাক ফ'-কাম বোলা হয় তাৰ কাষত বাছনি কৰা হয় আৰু পাঁচখন মাইহাং আগবঢ়াই পূৰ্বপুৰুষক উপাসনা কৰা হয়। সকলোকে মে-ডাম-মে-ফিৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।