01/31/2022 - 17:53
in
সৰুপথাৰঃ সৰুপথাৰ নগৰৰ মাজমজিয়াত থকা MI মবাইল শ্ব' ৰোমটো বীৰ লাচিত সেনাৰ সদস্যসকলে কালি দাবী ধমকি দি দোকানখন তলা লগাই দিছিল। তাৰ পাছতেই ধনশিৰি মহকুমা আৰক্ষী বিষয়া ত্ৰিনয়ন ভূঞাৰ নিৰ্দেশত সৰুপথাৰ আৰক্ষীয়ে বীৰ লাচিত সেনাৰ ৭ জন সদস্যক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।
বীৰ লাচিত সেনাৰ সদস্যসকলে জানিবলৈ দিয়া অনুসৰি দোকানখনৰ স্বত্বাধিকাৰী গৰাকীয়ে তাৰে কৰ্মচাৰী এজনক ৪ মাহ ধৰি দৰমহা নিদিয়াত বীৰ লাচিত সেনাক কৰ্মচাৰীজনে অৱগত কৰাত কালি বীৰ লাচিত সেনাৰ সদস্যসকল গৈ MI মবাইলৰ শ্ব' ৰোমটো তলা লগাই বন্ধ কৰি দিছিল।
তাৰ অভিযোগৰ ভিত্তিত সৰুপথাৰ আৰক্ষীয়ে ৭ জনকৈ বীৰ লাচিত সেনাৰ সদস্যক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। আটকাধীন লোক কেইজন হৈছে দিপেন গগৈ, দীপজ্যোতি তালুকদাৰ, তৰুন লাহন, ৰিন্টু গগৈ, জয়ন্ত গগৈ, দিপেন গগৈ(খনিকৰগাঁও) আৰু গুন হাজৰিকা। ইতিমধ্যে সৰুপথাৰ আৰক্ষীয়ে আটাইকেইজন ব্যক্তিক জেল হাজোতলৈ প্ৰেৰণ কৰিছে।