পুনৰ নিৰ্মাণ কৰা হ’ব লাচিতৰ সমাধি, ৰংঘৰ- মুখ্যমন্ত্ৰী

 01/31/2022 - 18:06
 
 
নিউজ ডেস্কঃ সোমবাৰে ধেমাজিত মে-ডাম-মে-ফিৰ এক কাৰ্যসূচীত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী ড০ শৰ্মাই। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ধেমাজিত এই মন্তব্য কৰে যে ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহ ১৫ ফেব্ৰুৱাৰীৰ পৰা সম্পূৰ্ণৰূপে খুলিব। ক’ভিডৰ বৰ্ধিত সংক্ৰমণৰ বাবে ৰাজ্যৰ প্ৰাথমিক আৰু মাধ্যমিক পৰ্যায়ৰ শিক্ষানুষ্ঠানসূহ বন্ধ হৈ আছে। ইয়াৰ মাজতে কিশোৰ-কিশোৰীসকলক ক’ভিড ভেকচিন প্ৰদান কৰি থকা হৈছে।এই অনুষ্ঠানতে তেওঁ বীৰ লাচিত বৰফুকনৰ ওপৰত এক তথ্যচিত্ৰ নিৰ্মাণৰ বিষয়েও ঘোষণা কৰে।
 
ইয়াৰ উপৰিও মুম্বাইত লাচিতৰ ওপৰত এখন আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ চেমিনাৰ অনুষ্ঠিত কৰা হ’ব বুলিও উল্লেখ কৰিছে। ইফালে মে-ডাম-মে-ফিৰ তাৎপৰ্য বিশ্লেষণ কৰাৰ উপৰিও মুখ্যমন্ত্ৰীয়ে কয় যে, মে-ডাম-মে-ফি উৎসৱে উপৰি পুৰুষ আৰু উত্তৰ পুৰুষৰ প্ৰতি সন্মান বঢ়াই। অনুষ্ঠানৰ জৰিয়তে মুখ্যমন্ত্ৰীয়ে উপৰি পুৰুষসকলক সন্মান প্ৰদান কৰি অসমৰ উন্নয়নৰ বাবে তেওঁলোকৰ আৰ্শীবাদ বিচাৰে।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।