06/06/2019 - 19:41
in
শ্ৰীৰামপুৰঃ অসম-বংগ সীমান্তৰ শিমূলটাপু আৰক্ষী চকীৰ নিলগত থকা ছীমপ্লেক্স কোম্পানীৰ সন্মুখত থকা এটা টায়াৰৰ দোকানত শুই থকা অৱস্থাত এটা মৃতদেহ উদ্ধাৰ কৰা হয়। ঘটনাৰ বিৱৰনী মতে আজি পুৱা টায়াৰৰ দোকানৰ মালিকজনে দোকান খুলিবলৈ আহি মৃতদেহটো প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়ে। লগে লগে আৰক্ষী উপস্থিত হয়।
মৃতদেহটোৰ ওচৰতে থকা এটা বেগ পোৱা যায় বেগৰ ভিতৰত ঔষধ আৰু প্ৰেছক্ৰিপচনৰ জৰিয়তে তেওঁৰ নাম ৰাজেশ শৰ্মা (৫০) আৰু ঘৰ নেপালত বুলি চিনাক্ত কৰা হয়। ব্যক্তিজনে দীৰ্ঘদিন ধৰি কৰ্কট ৰোগত ভুগি আছিল বুলি জানিব পৰা গৈছে। মৃতদেহটো মৰণোত্তৰ কৰাৰ বাবে কোকৰাঝাৰলৈ প্ৰেৰণ কৰা হয়।