আজি বিহালীতো পালন কৰা হ’ল মে ডাম মে ফি

 01/31/2022 - 19:09
 
 
বিহালীঃ ৰাজ্যৰ অন্যান্য ঠাইৰ লগতে আজি মাঘে ৰৌমাৰি খেল পথাৰত যুৱ প্ৰজন্মক মে ডাম মেফি বিষয়ে জ্ঞাত কৰাৰ উদ্দেশ্যেৰে পালন কৰা হয় মে-ডাম মে-ফি। মে' মানে তৰ্পণ, ডাম মানে মৃতক, মে মানে তৰ্পণ আৰু ফি মানে দেৱতা প্ৰাপ্ত পূৰ্বপুৰুষ অৰ্থাৎ প্ৰাকৃতিক শক্তি । এই ডাম আৰু ফি সকলক সন্তুষ্ট কৰি ৰাখিবৰ উদ্দেশ্য পৃথিৱীৰ বিভিন্ন প্ৰান্তত যুগ যুগৰ পৰা কৃষিজীৱি তাই জনগোষ্ঠীয় আহোম লোক সকলে পালন কৰি আহিছে মে-ডাম মে-ফি।
 
জাতীয় পৰম্পৰা তথা স্বকীয়তা ৰক্ষা কৰাটো প্ৰতিজন তাই আহোম জনগোষ্ঠীয় লোকৰ ধৰ্ম আৰু কৰ্তব্য বুলিয়ো বিবেচনা কৰি অহা হৈছে। এই ধৰ্ম আৰু কৰ্তব্য পালনৰ উদ্দেশ্যেৰেই আজি অন্যান্য ঠাইৰ লগতে বিহালী সমষ্টি মাঘে ৰৌমাৰি খেল পথাৰত, তাই আহোম সম্পদায় লোক সকলে পালন কৰে হয় মে-ডাম মে-ফি।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।