পথ নিৰ্মাণৰ কামত বিৰোধীয়ে বিধি পথালি দিয়াৰ অভিযোগ

 03/13/2019 - 18:32

মুকালমুৱা: নলবাৰী জিলাৰ বৰক্ষেত্ৰী বিধান সভা সমষ্টিৰ চৰাঞ্চলৰ প্ৰায় লক্ষাধিক লোকৰ নানা জল্পনা-কল্পনাৰ অৱসান ঘটাই অৱশেষত বিগত সপ্তাহত শুভাৰম্ভ হৈছিল ভাংনামাৰী চৰৰ পৰা মুকালমুৱা পাৰ ঘাট সংযোগী অভিলাষী আঁচনিখনৰ৷ সম্প্ৰতি নিৰ্মাণ কাৰ্য পূৰ্ণোদ্যমে চলি আছে৷ য’ত থাকিব স্থল পথৰ উপৰি সাতখনকৈ দলং৷

উল্লেখ্য যে, কালাৰ চৰ, ভাংনামাৰী আৰু কুৰিহামাৰী চৰ পঞ্চায়ত সামৰি চৰাঞ্চলৰ ৰাইজৰ আজিকোপতি একমাত্ৰ যাতায়তৰ মাধ্যম হ'ল তুলুঙা নাও৷ নিৰাপত্তাহীনভাৱে বাৰিষা এক-ডেৰ ঘণ্টা তুলুঙা নাৱেৰে বিপদসংকুল যাত্ৰা কৰি বহিঃজগতৰ লগত যোগাযোগ স্থাপন কৰিব লাগে  ৰাইজে৷ যাৰ ফলশ্ৰুতিত বিদ্যালয়সমূহত নাথাকে শিক্ষকৰ নিয়মীয়া উপস্থিতি৷ নাথাকে চিকিৎসালয়ত চিকিৎসক৷

আনহাতে সন্ধিয়া হোৱাৰ আগে আগে নাওসমূহৰ সেৱা বন্ধ হৈ যোৱাৰ ফলত সন্ধিয়াৰ পিছৰ পৰা কোনো ৰোগীয়ে নাপাই ততাতৈয়াকৈ উন্নত চিকিৎসা৷ বহু ৰোগীয়ে ইতিমধ্যে একমাত্ৰ যাতায়তৰ অসুবিধাৰ বাবে কৰুণ মৃত্যুক আঁকোৱালি লৈছে৷ প্ৰথম পৰ্যায়ত উক্ত আঁচনিখনৰ বাবে ইতিমধ্যে ৭ কোটি ৭৬ লাখ ২০ হাজাৰ টকা ধাৰ্য কৰি নিৰ্মাণ কাৰ্য অব্যাহত ৰখাত চৰাঞ্চলৰ ৰাইজে স্বস্তিৰ নিশ্বাস পেলাইছিল।

কিন্তু শেহতীয়াভাৱে কংগ্ৰেছ দলে প্ৰকল্পটো বন্ধ কৰিবলৈ গভীৰ ষড়যন্ত্ৰত লিপ্ত হোৱাৰ অভিযোগ উত্থাপন হৈছে৷ উল্লেখ্য যে, মুকালমুৱা নাৰায়ণপুৰ, ভাংনামাৰী আৰু কুৰিহামাৰী পঞ্চায়তক সামৰি নিৰ্মাণ হ’বলগীয়া প্ৰকল্পটোৰ দায়িত্ব লাভ কৰিছিল নাৰায়ণপুৰ পঞ্চায়তে। ইয়াৰ পিছতে খৰ্গহস্ত হৈ বাকী পঞ্চায়ত দুটাৰ জনপ্ৰতিনিধিয়ে তেওঁলোকৰ পঞ্চায়ত এলেকাৰ মাজেৰে যাবলগীয়া পথছোৱাৰ নিৰ্মাণ কাৰ্য বন্ধ ৰাখিবলৈ জিলা উপায়ুক্তক অভিযোগ দাখিল কৰাৰ লগতে বিধায়ক নাৰায়ণ ডেকাই গেৰুৱাকৰণৰ ৰাজনীতি কৰা বুলি অভিযোগ উত্থাপন কৰাৰ পিছত চৰাঞ্চলৰ ৰাইজ জাঙুৰ খাই উঠিছে৷

চৰাঞ্চলৰ ৰাইজে প্ৰকাশ কৰে, 'স্বাধীনতাৰ পিছৰে পৰা আজিলৈকে প্ৰতিটো ৰাজনৈতিক দলে আমাক কেৱল ভোটবেংক হিচাপেহে ব্যৱহাৰ কৰি আহিছে৷ ভোটৰ স্বাৰ্থত প্ৰতিটো সমস্যা জীয়াই ৰাখিছে৷ কিন্তু বিধায়ক নাৰায়াণ ডেকাৰ প্ৰচেষ্টাত আমি আশাৰ ৰেঙণি দেখিছিলো৷’ লগতে যিকোনো পৰিস্থিতিৰ বিনিময়ত প্ৰকল্পৰ কাম সম্পূৰ্ণ হ’বই লাগিব বুলি চৰাঞ্চলৰ ৰাইজে দাবী জনাই কয় যে ইয়াৰ বিৰুদ্ধে যিসকলে ষড়যন্ত্ৰত লিপ্ত হৈছে তেওঁলোক কাকো ক্ষমা কৰা নহ’ব৷

আনকি প্ৰকল্পৰ কাম বন্ধ হ’লে আন্দোলনৰ পথ ল’ব বুলিও হুংকাৰ দিয়ে ৰাইজে৷ আনহাতে চৰাঞ্চল বিজেপিৰ যুৱ নেতা সোনাবৰ আলীয়ে আক্ষেপ কৰি কয় যে চৰাঞ্চলৰ সমস্যাসমূহৰ স্থায়ী সমাধান হ’লে কংগ্ৰেছৰ সান্দহ খোৱা বালি তল যোৱাৰ ভয়ত চৰাঞ্চলৰ কংগ্ৰেছী পঞ্চায়ত প্ৰতিনিধিসকল এনেকুৱা অপপ্ৰচাৰত লিপ্ত হৈছে৷ এয়া অতি দুৰ্ভাগ্যজনক বুলিও নেতাগৰাকীয়ে প্ৰকাশ কৰি কয় যে একমাত্ৰ ব্যক্তিগত মুনাফা লাভৰ বাবে ৰাইজৰ স্বাৰ্থক জলাঞ্জলি দি কংগ্ৰেছে এনেকুৱা নিকৃষ্ট ষড়যন্ত্ৰ ৰচনা কৰিছে৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।