ডিজিটেল ডেস্কঃ বিদ্যাভাৰতী অখিল ভাৰতী শিক্ষা সংস্থানৰ সংবদ্ধ শিশু শিক্ষা সমিতি; অসমৰ অন্তৰ্গত উত্তৰ লক্ষীমপুৰ সংকুল আচাৰ্য সন্মিলনখনি ৪ জুনত নাওবৈচা সমষ্টিৰ ফুলবাৰী শংকৰদেৱ শিশু নিকেতনত অনুষ্ঠিত হৈ যায়। উত্তৰ লক্ষীমপুৰ সংকুলৰ সংকুল প্ৰমুখ ঘন নাথে আঁত ধৰা অনুষ্ঠানত ফুলবাৰী শংকৰদেৱ শিশু নিকেতনৰ সম্পাদক নৱজ্যোতি বৰুৱাই অনুষ্ঠানৰ আৰম্ভণিতে বন্তি প্ৰজ্বলন কৰে। ইয়াৰ পাছতে নিকেতনখনৰ ছাত্ৰ-ছাত্ৰী সকলে বন্দনা পৰিবেশন কৰিছিল। সন্মিলনৰ অধ্যক্ষৰ আসনত আছিল নিকেতন পৰিচালনা সমিতিৰ সভাপতি টংকেশ্বৰ বৰা। পৰিচয় পৰ্বৰ আঁত ধৰে প্ৰধানচাৰ্য প্ৰবীণ বৰাই।
মঞ্চত উপবিষ্ট সভাপতিকে ধৰি বিশিষ্ট অতিথিসকলৰ লগতে শিশু শিক্ষাসমিতি, অসমৰ প্ৰান্তীয় প্ৰচাৰ টোলীৰ সদস্য উত্তম বৰাক তেওঁ পৰিচয় কৰাই দিছিল। সন্মিলনত উত্তৰ লক্ষীমপুৰ সংকুলৰ মুঠ ৯ খন নিকেতন , উত্তৰ লক্ষীমপুৰ, নাওবৈচা, বগীনদী, চিয়াজুলী, ডিজু, শালমৰা, ফুলবাৰী, লীলাবাৰী, বাধাকৰা নিকেতন আদিৰ সমূহ আচাৰ্য-আচাৰ্যা আৰু প্ৰধান আচাৰ্য সকল উপস্থিত আছিল। উত্তৰ লক্ষীমপুৰ সংকুলৰ সংকুল সংযোজক দেৱকান্ত বনিয়াই উদ্বোধন কৰা এই অনুষ্ঠানত মুখ্য অতিথিৰ আসন অলংকৃত কৰে লক্ষীমপুৰ বি,এড, কলেজৰ অধ্যক্ষ ৰুক্ম গোহাঁই বৰুৱাই। গোহাঁই বৰুৱাই ভাষণ প্ৰসংগত মানৱীয় প্ৰমূল্যবোধৰ শিক্ষা প্ৰসাৰ প্ৰচাৰ ক্ষেত্ৰত বিদ্যা ভাৰতী শিক্ষা ব্যৱস্থাই যি ভূমিকা গ্ৰহণ কৰিছে ই এক আদৰণীয় পদক্ষেপ বুলি উল্লেখ কৰে। লক্ষীমপুৰ বিভাগ সংযোজক প্ৰদীপ হাজৰিকাই প্ৰস্তাৱিত ভাষণত সংকুল প্ৰমুখ্য উত্তৰ লক্ষীমপুৰ সংকুলত মুঠ ৩৭০৬ গৰাকী ছাত্ৰ-ছাত্ৰী ১৮৫ গৰাকী জন আচাৰ্য-আচাৰ্যা আৰু ২৯ গৰাকী সেৱাকৰ্মী নিয়োজিত হৈ আছে বুলি উল্লেখ কৰে৷
বিভাগ সংযোজক গৰাকীয়ে বৰ্তমান সমাজ ব্যৱস্থাৰ লগত খাপ খুৱাই চলিব পৰাকৈ যি শিক্ষা পদ্ধতি শিশু শিক্ষা সমিতিয়ে গ্ৰহণ কৰিছে, আচাৰ্য সকলে সেই পদ্ধতি কাৰ্যকৰণৰ ক্ষেত্ৰত মুখ্য ভূমিকা লয় বুলি উল্লেখ কৰে৷ নিকেতনৰ কণ কণ ছাত্ৰ-ছাত্ৰীসকলে পৰিৱেশন কৰা বৰগীত, সমবেত সংগীত আৰু আধুনিক নৃত্যই সন্মিলনখনিৰ সৌষ্ঠৱ বৃদ্ধিকৰে৷ নাওবৈচা শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ প্ৰধান আচাৰ্য ভূপেন বৰাই আঁত ধৰা আচাৰ্য ব্যক্তিত্ব বিকাশ কাৰ্যক্ৰমত প্ৰতিখন নিকেতনৰে উপস্থিত থকা আচাৰ্য বৃন্দই পূৰ্ণ সহযোগ আগবঢ়ায়৷