02/01/2022 - 18:33
in
বটদ্ৰৱাঃ নগাঁও জিলাৰ জুৰীয়া উন্নয়ন খণ্ডৰ ৬৪ জন ঠিকাভিত্তিক কৰ্মচাৰীয়ে উন্নয়ন খণ্ড কাৰ্যালয়ৰ সন্মুখত আজি অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰে। ৬০ বছৰলৈ চাকৰি সুনিশ্চিত কৰা আৰু দৰমহা বৃদ্ধিৰ দাবীত আজিৰে পৰা ৫ দিনীয়াকৈ অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰিব বুলি জানিবলৈ দিয়ে। এই প্ৰতিবাদী কাৰ্যসূচীত উন্নয়ন খণ্ডটোৰ ২২ খন গাঁও পঞ্চায়তৰ জি পিচি,এ ই,জি আৰ এছ,চি এ,কম্পিউটাৰ সহায়ক,গাণনিক সহায়কসহ মুঠ ৬৪ গৰাকী ঠিকাভিত্তিক কৰ্মচাৰীয়ে অংশগ্ৰহণ কৰে।