02/01/2022 - 19:08
in
জামুগুৰিহাটঃ সৰস্বতী পূজালৈ হাতত মাথোঁ আৰু চাৰিটা দিন বাকী থকা অৱস্থাত শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ মৃৎ শিল্পীসকলো গভীৰ অনিশ্চয়তা ভুগিছে। কিয়নো সৰস্বতী পূজা উপলক্ষে ইতিমধ্যেই প্ৰতিমা নিৰ্মাণ কৰি অন্তিম পৰশ দিয়া জামুগুৰিহাটৰ মৃৎ শিল্পীসকলৰ ওচৰলৈ প্ৰতিমা বিচাৰি বৰ্তমান পৰ্যন্ত অহা নাই বিদ্যালয়ৰ শিক্ষকসকল। স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই পূজা অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত কোনো বাধা নিৰ্দেশনা নাই বুলি উল্লেখ কৰিছে যদিও পূজালৈ চাৰিটা দিন বাকী থকা অৱস্থাত বিদ্যালয় প্ৰধান সকলে অতিকম দিনৰ ভিতৰত পূজা অনুষ্ঠিত কৰিবলৈ সাহস কৰা নাই।
যাৰ ফলস্বৰূপে জামুগুৰিহাটৰ মৃৎ শিল্পীসকলৰ ওচৰলৈ প্ৰতিমা বিচাৰি বিদ্যালয় সমূহৰ ফালৰ পৰা এই পৰ্যন্ত কোনো লোক নহাত এতিয়া তেওঁলোকে নিৰ্মাণ কৰা প্ৰতিমাসমূহ বিক্ৰী হ'ব নে নহয় এই লৈ গভীৰ চিন্তিত হৈ পৰা দেখা গৈছে। মৃৎ শিল্পকেই জীৱিকাৰ একমাত্ৰ উৎস হিচাপে বাছি লোৱা এইসকল জামুগুৰিহাটৰ মৃৎ শিল্পীসকয়ে চৰকাৰে কমেও পোন্ধৰ দিন আগতেই পূজা অনুষ্ঠিত কৰিব পাৰিব বুলি নিৰ্দেশ দিয়া হলে তেওঁলোকৰ জীৱিকালৈ এই দুৰ্দশা নামি নাহিলহেতেন বুলিও মন্তব্য কৰিছে। কভিডে অতিকৈ জুৰুলা কৰি পেলোৱা এইসকল মৃৎ শিল্পীয়ে এতিয়া চৰকাৰৰ ফালৰ পৰা আৰ্থিক সাহাৰ্য্য দিবলৈ আহ্বান জনাইছে।