02/01/2022 - 19:54
in
কামপুৰঃ কঠিয়াতলী উন্নয়ন খণ্ডত সদৌ অসম পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ ঠিকাভিত্তিক কৰ্মচাৰী সন্থাৰ প্ৰতিবাদ। ষাঠী বছৰলৈ চাকৰি সুনিশ্চিত কৰা; সকলো কৰ্মচাৰীৰ R O P ব্যৱস্থা কৰা। সকলো কৰ্মচাৰীৰ সম কাম সম বেতন নীতি প্ৰযোয্য কৰা। চৰকাৰী কৰ্মচাৰীয়ে লাভ কৰা সকলো সুবিধা প্ৰদান কৰা; সকলো খালী হোৱা পদত যোগ্যতা সম্পৰ্ণ প্ৰাৰ্থীক নিযুক্তি দিয়াৰ দাবীৰে এক প্ৰতিবাদী কাৰ্যসূচী হাতত লয়।প্ৰতিবাদী সকলে তেওঁলোকৰ দাবীসমূহ মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ দাবী কৰি ইয়াৰ বিহীত ব্যৱস্থা লোৱাৰ দাবী জনাই। ঠিকাভিত্তিক কৰ্মচাৰীসকলে এই দাবীসমূহ পুৰণ কৰাৰ বাবে আজিৰ পৰা পাঁচদিনীয়াকৈ কৰ্মবিৰতি আৰু অৱস্থান ধৰ্মঘট কাযসূচী পালন কৰে।