প্ৰিয়ংকা চোপ্ৰাৰ স্বামী নিক জোনাছ আৰু ছোনম কাপুৰ একেটা বেমাৰতে আক্ৰান্ত...

 02/02/2022 - 12:52
 
 
 
 
নিউজ ডেস্কঃ অভিনেত্ৰী ছোনম কাপুৰ আৰু অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰাৰ স্বামী নিক জোনাছ এক এনেকুৱা ৰোগত আক্ৰান্ত যাৰ নাম টাইপ–১ ডায়েবেটিছ। ছোনম ১৭ বছৰ বয়সত এই ৰোগত আক্ৰান্ত হৈছিল। এই ৰোগক নিয়ন্ত্ৰণ কৰাৰ বাবে ছোনমে ইনচুলিন ল’ব লাগে। আনহাতে, বিগত বৰ্ষত নিক জোনাছে নিজৰ ইনষ্টাগ্ৰামত এক পোষ্ট শ্বেয়াৰ কৰিছিল, য’ত তেওঁ নিজৰ ৰোগৰ কথা উল্লেখ কৰিছিল। মিডিয়া ৰিপ’ৰ্ট অনুসৰি, নিকৰো ১৩ বছৰ বয়সতে এই ৰোগ হৈছিল। চেণ্টাৰ ফৰ ডিজিজ কন্ট্ৰ’ল এণ্ড প্ৰিভেনচনৰ মতে, ডায়েবেটিছ (মধুমেহ) এক ক্ৰনিক অৰ্থাৎ দীৰ্ঘ সময়লৈ থকা স্বাস্থ্যজনিত সমস্যা, যিয়ে শৰীৰৰ দ্বাৰা খাদ্যক শক্তিৰ বাবে ব্যৱহাৰ কৰাৰ প্ৰক্ৰিয়া প্ৰভাৱিত কৰে।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।