জি পি সিঙে আগঢ়াইছে অফাৰ, অপৰাধীৰ খবৰ দিয়ক আৰু অসম আৰক্ষীৰ পৰা লাভ কৰা ২ লাখকৈ টকা

 02/02/2022 - 14:00
 
 
নিউজ ডেস্কঃ অসম আৰক্ষীৰ বিশেষ সঞ্চালক প্ৰধান জি পি সিঙে আগঢ়াইছে অফাৰ। অসম আৰক্ষীক অপৰাধীৰ খবৰ দিয়ক আৰু লাভ কৰক ২ লাখ টকাৰ পুৰস্কাৰ। জি পি সিঙে টুইটাৰৰ জৰিয়তে দুটা দুধৰ্ষ গঁড় চিকাৰীৰ ফটো আৰু তেওঁলোকৰ ঠিকনাৰ সৈতে উল্লেখ কৰিছে যে যিয়ে এই অপৰাধী দুটাৰ সন্ধান দিবলৈ সক্ষম হ’ব তেওঁলোকক ২ লাখকৈ টকা পুৰস্কাৰ দিব আৰক্ষীয়ে।
 
জি পি সিঙে টুইটাৰত উল্লেখ কৰা অনুসৰি এই গঁড় চিকাৰী দুটাৰ নাম আব্দুল মাটিন ওৰফে কালা আৰু আতাউৰ ৰহমান। ইয়াৰে আব্দুল মাটিনৰ বয়স ৩৬ বছৰ। আনহাতে আতাউৰ ৰহমানৰ বয়স ৩৫। বিশ্বনাথ জিলাৰ চতিয়া আৰক্ষী থানাৰ অন্তৰ্গত ১ নং আদাভেঁটি গাঁৱৰ ইছমাইল আলীৰ পুত্ৰ আব্দুল মাটিন আৰু মহম্মদ ইফাৰ আলীৰ পুত্ৰ আতাউৰ ৰহমান।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।