ডিব্ৰু-শদিয়া ৰে’লপথত ৰে’ল সেৱা প্ৰৱৰ্তনৰ দাবীত আছুৰ মানৱ শৃংখল

 02/02/2022 - 14:58
 
 
 
ডুমডুমাঃ দেশৰ ৰে’ল বিভাগটোক ব্যক্তিগতকৰণ কৰিবলৈ লোৱা চৰকাৰী ষড়যন্ত্ৰক সৰ্বত্ৰে সমালোচনা হৈ থকাৰ মাজতে দেশৰ অন্যতম প্ৰথম ৰে’ল পথ ডিব্ৰু-ডাঙৰি ৰে’ল পথত বিগত প্ৰায় ৫ বছৰ ধৰি ৰে’লসেৱা বন্ধ হৈ পৰাত জাঙুৰ খাই উঠিছে আছুয়ে| উল্লেখিত যে, ভাৰত-চীনৰ যুদ্ধৰ স্মৃতি বিজড়িত চীন সীমাৰ অন্তিম ৰে’লপথ চোৱাত যাত্ৰী অভাৱৰ দুহাই দি ৰে’ল বিভাগে বিগত ৫ বছৰ ধৰি পথচোৱাত ৰে’ল সেৱা অস্থায়ীভাৱে বন্ধ কৰি থোৱাৰ পিচত সাম্প্ৰতিক ঐতিহাসিক পথচোৱাত ৰে’লসেৱা স্থায়ীভাৱে বন্ধ কৰাৰ সিদ্ধান্ত লোৱা বুলি জানিবলৈ পোৱা গ’ল|
 
বিভাগটোৰ এনে কৰ্মকাণ্ডত সদৌ অসম ছাত্ৰ সন্থা ডুমডুমা আৰু ডাঙৰী আঞ্চলিক সমিতিয়ে জাঙুৰ খাই উঠা পৰিলক্ষিত হৈছে| ৰে’ল বিভাগৰ এনে ষড়যন্ত্ৰক তীব্ৰ প্ৰতিবাদ জনাই আজি আছু ডুমডুমা আঞ্চলিক সমিতিয়ে ডুমডুমাৰ চৰকাৰী বাচস্থানৰ সন্মুখত মানৱ শৃংখলৰ জৰিয়তে ডিব্ৰু-শদিয়া পথত ৰে’লসেৱা প্ৰৱৰ্তনৰ দাবী জনাই| লগতে ৰে’ল বিভাগৰ এনে কাৰ্যক কোনোপধ্যেই মানি নলয় ৰে’লসেৱা পুনৰ আৰম্ভ নোহোৱা পৰ্যন্ত আন্দোলন অব্যাহত ৰখাৰ হুংকাৰ দিয়ে আছুৱে| 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।