ৰাজ্যৰ বাছস্থান সমূহত হ'ব শীত-তাপ নিয়ন্ত্ৰিত জিৰণি চ'ৰাঃ হিমন্ত বিশ্ব শৰ্মা

 06/06/2019 - 19:54

গুৱাহাটীঃ ৰাজ্যৰ বাছস্থান সমূহত হ'ব শীত তাপ নিয়ন্ত্ৰিত জিৰণি চ'ৰা। ৰাজ্যৰ বাছ যাত্ৰীয়ে বিভিন্ন সময়ত ভোগ কৰি আহিছে নানা সমস্যা,যাত্ৰীৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি বাছ আস্থানসমূহত শীত-তাপ নিয়ন্ত্ৰিত জিৰণি চ'ৰাৰ লগতে শৌচালয় নিৰ্মাণৰ পৰিকল্পনা কৰিছে ৰাজ্য চৰকাৰে। শীত তাপ নিয়ন্ত্ৰিত জিৰণি চ'ৰা আৰু শৌচালয়ৰ পৰীক্ষামূলক ভাৱে গৃহ সমষ্টি আমিনগাঁৱত গড়কাপ্তানী বিভাগে আৰম্ভ কৰিছে নিৰ্মাণ কাৰ্য।

আমিনগাঁৱত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পথ পৰিদৰ্শন কৰি কৰিলে এই ঘোষণা। পৰীক্ষামূলকভাৱে নিৰ্মাণ কৰা এই জিৰণি চ'ৰা যাত্ৰীৰ বাবে ফলপ্ৰসূ হ'লে ৰাজ্যৰ প্ৰতিটো প্ৰান্ততে এনে জিৰণি চ'ৰা নিৰ্মাণ কৰা হ'ব বুলি সংবাদ মাধ্যমক জানিবলৈ দিয়ে৷ ইফালে আমিনগাওঁ-উত্তৰ গুৱাহাটী সংযোগী পথটো বহলীকৰণ কৰাৰ ক্ষেত্ৰত গড়কাপ্তানী বিভাগে সন্মুখীন হোৱা সমস্যাৰো বুজ লয় মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

একাংশ ব্যৱসায়ীক প্ৰতিষ্ঠানে পথ বহলকৰণৰ ক্ষেত্ৰত যি বিধি পথালি দি আছিল সেয়া মন্ত্ৰীগৰাকীয়ে ৰাইজৰ সৈতে আলোচনাৰে মীমাংসা কৰে। ইফালে ২০২০ বৰ্ষত শুৱালকুছিত অনুষ্ঠিত হ'ব লগা সাহিত্য সভাৰ অধিৱেশনৰ প্ৰতি লক্ষ্য ৰাখি আমিনগাঁৱত নিৰ্মান কৰি থকা অত্যাধুনিক পৰিদৰ্শন বঙলাটোৰো কামৰ অগ্ৰগতিৰ বুজ লয় মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। অহা জানুৱাৰী মাহৰ ভিতৰত নিৰ্মীয়মান অট্টালিকাটোৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰা বাবে গড়কাপ্তানী বিভাগক কঠোৰ নিৰ্দেশ প্ৰদান কৰে মন্ত্ৰী গৰাকীয়ে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।