চাহাৰনপুৰৰ বাসিন্দা অভিনন্দন পাঠকঃ দেখাত সাইলাখ মোদীৰ দৰে, নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিবলৈ সাজু

 02/02/2022 - 15:33
 
 
নিউজ ডেস্কঃ চাহাৰনপুৰৰ বাসিন্দা ৫৬ বছৰীয়া অভিনন্দন পাঠক। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দৰে দেখাত একেই। অভিনন্দন পাঠকে লক্ষ্ণৌৰ সৰোজিনী নগৰ বিধানসভা আসনৰ পৰা নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰিব। নিৰ্দলীয় হিচাপে প্ৰতিদ্বন্দিতা কৰাৰ আগতে তেওঁ বিজেপিৰ পৰা টিকট বিচাৰিছিল কিন্তু দলৰ পৰা কোনো সঁহাৰি পোৱা নাছিল। টিকটৰ দাবী সন্দৰ্ভত অভিনন্দন পাঠকে কয়, “মই বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা আৰু কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহক এখন পত্ৰৰ জৰিয়তে টিকট বিচাৰিছিলো। কিন্তু তেওঁ মোৰ চিঠিখনত মনোযোগ দিয়া নাছিল।”নিজকে মোডী ভক্ত বুলি অভিহিত কৰি তেওঁ কয় যে বিজেপিয়ে মোক উপেক্ষা কৰিব পাৰে কিন্তু মই নিশ্চিতভাৱে নিৰ্বাচনত  প্ৰতিদ্বন্দিতা কৰিম।
 
অভিনন্দন পাঠকে সৰোজিনী নগৰৰ পৰা প্ৰতিদ্বন্দিতা কৰিবলৈ বিজেপিৰ পৰা টিকট বিচাৰিছিল। এই আসনক লক্ষ্ণৌৰ অন্যতম সন্মানীয় আসন হিচাপে গণ্য কৰা হয়। অভিনন্দন পাঠকে বিশ্বাস কৰে যে তেওঁ নিৰ্বাচনত জয়ী হ’ব। তেওঁ বিচাৰে যে যোগী আদিত্যনাথ পুনৰ উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী হওক। অভিনন্দন পাঠকে বিশ্বাস কৰে যে প্ৰধানমন্ত্ৰী মোডী আৰু মুখ্যমন্ত্ৰী যোগী এটা মুদ্ৰাৰ দুটা পিঠি।তেওঁ কয় যে ”তেওঁলোকৰ যি ধৰণৰ আবেগ আছে মই তাক প্ৰশংসা কৰোঁ। তেওঁলোকে মানুহৰ বাবে নিস্বাৰ্থভাৱে কাম কৰি আছে।” পাঠকে কৈছিল যে আগতেও তেওঁ বিজেপিৰ পৰা টিকট বিচাৰিছিল কিন্তু দলটোৱে তেওঁৰ দাবী নাকচ কৰিছিল। তেওঁ কৈছিল যে আগতে তেওঁ ছত্তীশগড়ৰ বিধানসভা নিৰ্বাচনৰ সময়ত বিজেপিক সহায় কৰিবলৈ ৰাজ্যখন ভ্ৰমণ কৰিছিল। পাঠকে অভিযোগ কৰিছিল যে তেতিয়াৰ মুখ্যমন্ত্ৰী ৰমন সিঙে তেওঁক গুৰুত্ব দিয়া নাছিল আৰু তেওঁক উপহাস কৰিছিল।পাঠকৰ অভিযোগ অনুসৰি ছত্তীশগড় বিজেপিৰ যাত্ৰাৰ সময়ত তেওঁৰ থাকিবলৈ ঠায়ো নাছিল। 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।