02/02/2022 - 16:22
in
পূৱ বৰপেটাঃ অসম আৰক্ষীৰ ভুৱা এনকাউণ্টাৰত আহত হোৱা নগাঁও জিলাৰ প্ৰাক্তন ছাত্র নেতা কীৰ্তি কমল বৰাৰ ন্যায় বিচাৰি আৰু নগাঁও জিলাৰ আৰক্ষীৰ লগতে এই কাণ্ডৰ লগত জড়িত মূল আৰক্ষী বিষয়াক নিলম্বনৰ দাবী জনাই আজি দুপৰীয়া চেঙা বিধান সভা সমষ্টিৰ কংগ্ৰেছ ভৱনৰ সন্মুখত, চেঙা যুৱ কংগ্ৰেছৰ উদ্যোগত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ হয়।
উক্ত কাৰ্য্যসূচীত অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ সাধাৰণ সম্পাদক আব্দুল ৰূপচান্দ ৰাজ, বৰপেটা জিলা যুৱ কংগ্ৰেছৰ সাধাৰণ সম্পাদক শুকুৰ খান, চেঙা সমষ্টি যুৱ কংগ্ৰেছৰ উপসভাপতি পুতলা টেষ্ট, শতাধিক কংগ্ৰেছ কৰ্মীসকলে অংশ কৰে।