নলবাৰীৰ বৰভাগ উন্নয়ন খণ্ডত ঠিকাভিত্তিত নিয়োজিত পঞ্চায়ত কৰ্মচাৰীসকলৰ প্ৰতিবাদ

 02/02/2022 - 16:56
 
 
বাহাৰঘাটঃ নলবাৰীৰ বৰভাগ উন্নয়ন খণ্ডত ঠিকাভিত্তিত নিয়োজিত পঞ্চায়ত কৰ্মচাৰীসকলৰ প্ৰতিবাদ। মঙলবাৰৰ পৰা বিভিন্ন দাবী সমাধানৰ দাবীত ঠিকাভিত্তিত নিযুক্ত এইসকল কৰ্মচাৰীয়ে অনিৰ্দিষ্টকাললৈ ৰূপায়ণ কৰিছে কৰ্মবিৰতি আৰু অৱস্থান ধৰ্মঘট কাৰ্য্যসূচী।
 
হাতে হাতে প্লে’কাৰ্ড, ফেষ্টুন লৈ কৰ্মচাৰীসকলে ৬০ বছৰলৈ চাকৰি সুনিশ্চিত কৰক, সমকালৰ সমবেতন প্ৰযোজ্য কৰা, চৰকাৰী কৰ্মচাৰীয়ে লাভ কৰা সকলো সুবিধা প্ৰদান কৰক আদি বিভিন্ন দাবী উত্থাপন কৰি প্ৰতিবাদত নামিছে কৰ্মচাৰীসকল।
 
প্ৰতিবাদকাৰী সকলে তেওঁ‌লোকৰ সমস্যা সমাধানৰ ক্ষেত্ৰত ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ হস্তক্ষেপ দাবী কৰি চৰকাৰে আলোচনাৰ বাবে কৰ্মচাৰীসকলক আমন্ত্ৰণ নজনোৱালৈ কৰ্মবিৰতি কাৰ্য্যসূচী ৰূপায়ণ কৰি যাব বুলি হুংকাৰ দিছে।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।