বিহালীৰ বৰগাঙ ৰাজহুৱা মঞ্চত জাতীয় সংগঠনৰ ৩২ জন নেতা-কৰ্মীৰ বিজেপিত যোগদান

 02/02/2022 - 19:24
 
 
 বিহালীঃ বিহালীৰ বৰগাঙ ৰাজহুৱা মঞ্চত আজি অনুষ্ঠিত হোৱা বিজেপিৰ যোগদান কাৰ্য্যসূচীত অসম জাতীয়তাবাদী যুৱ-ছাত্র পৰিষদৰ প্রাক্তন যুটীয়া সহঃ সম্পাদক জিতু শৰ্মাসহ ৩২ জন জাতীয় সংগঠনৰ প্রাক্তন নেতা আৰু কংগ্ৰেছ দলৰ লোকে বিজেপিত যোগদান কৰি গেৰুৱা বস্ত্র পৰিধান কৰে। উক্ত অনুষ্ঠানত প্রাক্তন মন্ত্রী তথা বিহালীৰ বিধায়ক ৰঞ্জিত দত্তই অ়ংশগ্ৰহণ কৰি কয় যে, “দলটিৰ কাম-কাজ কৰিবলৈ দলৰ যথেষ্ট ধনৰ প্রয়োজন হয়; যাৰ বাবে দলৰ সকলো কৰ্মীয়ে "সহযোগিতাত সবলভাৱে কাম কৰিব লাগিব।
 
বিজেপিৰ নিকা প্রশাসন আৰু  উন্নয়নৰ কাম-কাজৰ প্রতি সন্তুষ্ট হৈয়েই অনান্য ৰাজনৈতিক দলকে ধৰি একালত জাতীয় সংগঠনৰ কাম কৰি এতিয়া বিজেপিত যোগদান কৰি আহিছে। অহা ৩০ বছৰ পৰ্য্যন্ত অসমত বিজেপিৰ বাদে আন কোনেও চৰকাৰ গঠন কৰিব নোৱাৰে। সংখ্যালঘূ সকলকো এই চৰকাৰে বিশেষভাৱে গুৰুত্ব প্রদান কৰি আহিছে সেয়েহে সংখ্যালঘূ সকলে বিজেপিক সকলো ধৰণৰে সহযোগ কৰিব লাগে। জিলা সভাপতি পংকজ বৰাৰ পৌৰাহিত্যত অনুষ্ঠিত হোৱা এই অনুষ্ঠানত বিধায়ক দ্বয় প্রমোদ বৰঠাকুৰ, উৎপল বৰাকে ধৰি কেইবাগৰাকী বিষয়-ববীয়াই অংশগ্ৰহণ কৰাৰ ওপৰিও জিলা সংবাদ কোশৰ আহ্বায়ক গোবিন্দ হাজৰিকাৰ লগতে বিজেপি দলৰ বিভিন্ন কৰ্মীয়ে অংশ লয়। 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।