02/03/2022 - 13:05
in
নিউজ ডেস্কঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিজৰ প্ৰতিশ্ৰুতি ৰক্ষা কৰি মাজুলীৰ ৪৭ গৰাকী কিশোৰ বৈষ্ণৱক মাতি আনি নিজৰ ঘৰত এসাঁজ ভাত খুৱালে। মামা-ভাগিনৰ সম্পৰ্কক অধিক গাঢ় কৰি ভকত ভাগিনসকলৰ সৈতে একেলগে বহি নিশাৰ ভোজন কৰিলে মুখ্যমন্ত্ৰীয়ে। মাজুলীলৈ যাওঁতে ভাগিনহঁতক এসাঁজ খুওৱাৰ প্ৰতিশ্ৰুতি দিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আৰু সেই প্ৰতিশ্ৰুতি ৰক্ষা কৰি মাজুলীৰ এইসকল ভকত ভাগিনক এসাঁজ উদৰ পূৰাই খুৱালে মামাই।নিশাৰ ভোজনৰ পিছত মুখ্যমন্ত্ৰীয়ে ভাগিনহঁতক বাছত উঠাই দিয়ে। লগতে প্ৰতিশ্ৰুতি দিলে এইবাৰ গুৱাহাটীলৈ আহিলে মামাৰ ঘৰত ৰখাৰ। গুৱাহাটীত একেলগে এসাঁজ খোৱাৰ পিছত এইবাৰ ভাগিনহঁতৰ ইচ্ছা উৰাজাহাজত উঠা। মামাৰ আগত ভাগিনহঁতে প্ৰকাশ কৰিলে এই ইচ্ছা।