02/03/2022 - 13:20
in
নিউজ ডেস্কঃ শুকুৰবাৰৰ পৰা মধ্য অসম আৰু মেঘালয়ৰ বহুস্থানত বৰষুণ হোৱাৰ সম্ভাৱনা ব্যক্ত কৰিছে বতৰ বিজ্ঞান বিভাগে।অসমৰ বিভিন্ন প্ৰান্তত বজ্ৰপাত পৰাৰো সম্ভাৱনীয়তা আছে। এই সময়চোৱাত উজনি অসমৰ গোলাঘাট, যোৰহাট, শিৱসাগৰতো প্ৰবল বৃষ্টিপাত হ’ব পাৰে। বৃহস্পতিবাৰৰ দিনটোতো অসম, নাগালেণ্ড, কেৰালা আৰু ছিকিমত মজলীয়া ধৰণৰ বৃষ্টিপাত অব্যাহত থাকিব আৰু এই সময়ছোৱাৰ ভিতৰত অসমৰ ভিতৰত ধুবুৰী, দক্ষিণ শালমাৰা, মানকাছাৰ, কোকৰাঝাৰ, চিৰাং, গোৱালপাৰা, বঙাইগাঁও, বৰপেটা, হোজাই, বিশ্বনাথ চাৰিআলি, কাৰ্বি আংলঙত প্ৰবল বৃষ্টিপাত হোৱাৰ সম্ভাৱনা ব্যক্ত কৰিছে।