ক’ভিডৰ সংক্ৰমণ কিছু পৰিমাণে হ্ৰাস, পৰ্যটকৰ বাবে পুনৰ মুকলি অজন্তা আৰু ইলোৰা গুহা

 02/03/2022 - 13:39
 
 
নিউজ ডেস্কঃ ক’ভিডৰ তৃতীয় ঢৌৰ সংক্ৰমণ কিছু পৰিমাণে হ্ৰাস পোৱাৰ পাছত পৰ্যটকসকলৰ বাবে অজন্তা আৰু ইলোৰাৰ গুহা পুনৰ মুকলি কৰি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰে মহাৰাষ্ট্ৰ চৰকাৰে। বুধবাৰৰ পৰা পৰ্যটকসকলৰ বাবে মুকলি কৰি দিয়া হয় অজন্তা আৰু ইলোৰা গুহা। অৱশ্যে পৰ্যটকসকলৰ বাবে ক’ভিড প্ৰটকল বাহাল থাকিব।
 
ক’ভিড ভেকচিন গ্ৰহণ কৰাৰ প্ৰমাণপত্ৰ পৰ্যটকসকলৰ লগত থকাটো বাধ্যতামূলক বুলি নিৰ্দেশনা জাৰি কৰিছে মহাৰাষ্ট্ৰ চৰকাৰে। ইতিমধ্যে পৰ্যটকসকলৰ বাবে অনলাইন টিকট বুকিং মুকলি কৰা হৈছে। প্ৰতিবছৰে দেশ-বিদেশৰ অলেখ পৰ্যটকে অজন্তা আৰু ইলোৰাৰ গুহা চাবলৈ ভিৰ কৰেহি।
 
ভাৰতীয় পুৰাতত্ত্ব গৱেষণাৰ ঔৰাংগাবাদ কেন্দ্ৰৰ বিষয়া ড০ মিলন কুমাৰ চাউলে অজন্তা আৰু ইলোৰাৰ গৃহ পৰ্যটক সকলৰ বাবে মুকলি কৰি দিয়াৰ পাছত পুনৰ বহুসংখ্যক পৰ্যটকে ভিৰ কৰিব বুলি মন্তব্য প্ৰকাশ কৰে।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।